ইউৰোপিয়ান ৰাষ্ট্ৰত জঘন্য ঘটনা : দেহৰ বিনিময়ত বিদেশী শিক্ষাৰ্থীয়ে পায় ভাড়াঘৰ

ভাড়াঘৰ দিয়াৰ নামত চলা এই যৌন সুখে স্বাভাৱিকতে আয়াৰলেণ্ডৰ সুনামত কালিমা সানিছে।

author-image
Asomiya Pratidin
New Update
ইউৰোপিয়ান ৰাষ্ট্ৰত জঘন্য ঘটনা : দেহৰ বিনিময়ত বিদেশী শিক্ষাৰ্থীয়ে পায় ভাড়াঘৰ

ডিজিটেল ডেস্ক : ইউৰোপিয়ান ৰাষ্ট্ৰত সংঘটিত জঘন্য ঘটনা উন্মোচিত হৈছে। উচ্চ শিক্ষাৰ বাবে বিভিন্ন ৰাষ্ট্ৰৰ পৰা আয়াৰলেণ্ডলৈ যোৱা শিক্ষাৰ্থীৰ ওপৰত চলে নিৰ্যাতন। এক সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।

তথ্য অনুসৰি আয়াৰলেণ্ডলৈ অধ্যয়নৰ বাবে যোৱা শিক্ষাৰ্থীৰ প্ৰতি ১০ গৰাকীৰ ভিতৰত এগৰাকীয়ে দেহৰ বিনিয়মতহে লাভ কৰে ভাড়াঘৰ। বিদেশী শিক্ষাৰ্থীৰ পৰা স্থানীয় লোকে দাবী কৰে প্ৰায় ১১ হাজাৰ টকা।

সমীক্ষাত উন্মোচিত এই ঘটনাই দেশখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভাড়াঘৰ দিয়াৰ নামত চলা এই যৌন সুখে স্বাভাৱিকতে আয়াৰলেণ্ডৰ সুনামত কালিমা সানিছে। ইফালে এই ঘটনাৰ স্বীকাৰ হোৱা প্ৰায় ৫৫ শতাংশ শিক্ষাৰ্থী মানসিক ৰোগৰ বলি হ'ব লগা হৈছে।

European country Foreign students