হাফিজ চাইদক কাৰাদণ্ড; মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড…

হাফিজ চাইদক কাৰাদণ্ড; মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড…

author-image
asomiyapratidin
New Update
হাফিজ চাইদক কাৰাদণ্ড; মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড…

ডিজিটেল ডেস্ক: পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে জামাত-উদ-দাওয়াৰ মুৰব্বী হাফিজ ছাইদক এটা গোচৰত ৩১ বছৰৰ কাৰাদণ্ড বিহে। হাফিজক নতুন সন্ত্ৰাসবাদ বিত্তীয় গোচৰত দণ্ডিত কৰে আদালতে। হাফিজ ছাইদ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ মুৰব্বী আছিল আৰু মুম্বাই আক্ৰমণৰ মূল অভিযুক্ত বুলি ধৰা হয়।

আদালতে ৩.৪০ লাখ টকাৰ জৰিমনাৰ লগতে তেওঁৰ সকলো সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। উল্লেখ্য যে, পাকিস্তানত এতিয়া ৰাজনৈতিক সংকটে দেখা দিছে।ইতিমধ্যে প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰিত হৈছে ইমৰান খান।

উল্লেখ্য যে,যিবোৰ মছজিদ আৰু মাদ্ৰাছা হাফিজে বনাইছিল সেই সকলোবোৰ চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব। হাফিজৰ বিৰুদ্ধে আন বহু গোচৰ উত্থাপন আছে। ইয়াৰ পূৰ্বেও অন্য  গোচৰত তেওঁক আদালতে শাস্তি বিহিছে। হাফিজক আমেৰিকা যুক্তৰাষ্ট্ৰই আন্তৰাষ্ট্ৰীয় সন্দ্ৰাসবাদী হিচাপেও ঘোষণা কৰিছিল।

আৰু পঢ়ক: পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত ৰাজ্যপাল মুখীৰ দিনযোৰা ভ্ৰমণ…

pakistan