/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/unnnn.jpg)
ডিজিটেল ডেস্ক :
ৰাজস্থানৰ উদয়পুৰত সংঘটিত বৰ্বৰ হত্যাকাণ্ডক লৈ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘৰ প্ৰধান সচিব এণ্টনিঅ' গুটেৰেছ।
উদয়পুৰত কানহাইয়া লাল নামৰ এজন দৰ্জীক হত্যা কৰাৰ পিছত ৰাজস্থানত উদ্ভৱ হোৱা সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে ৰাষ্ট্ৰসংঘৰ প্ৰধান সচিবগৰাকীয়ে সকলো ধৰ্মকে পূৰ্ণ সন্মান, সম্প্ৰীতি আৰু শান্তিৰে জীয়াই থাকিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, ৰাজস্থানৰ উদয়পুৰৰ দৰ্জী কানহাইয়া লালে নিজৰ দোকানত ব্যস্ত থকাৰ সময়তে ৰিয়াজ আখতাৰ আৰু ঘৌচ মহম্মদ নামৰ দুজন ইছলাম ধৰ্মৰ লোকে দোকানত প্ৰৱেশ কৰি তেওঁক নিৰ্মমভাৱে হত্যা কৰিছিল।
কানহাইয়া লালে বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ সমৰ্থনত ফেইচবুক প'ষ্টযোগে ইছলাম ধৰ্মক অপমান কৰাৰ অভিযোগ তুলি নৰপিশাচ দুজনে কানহাইয়া লালক হত্যা কৰি হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য মোবাইলত আৱদ্ধ কৰি ছ'চিয়েল মিডিয়াত এৰি দিছিল।
এই ঘটনাৰ পিছৰে পৰা ৰাজস্থানৰ লগতে সমগ্ৰ দেশত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পোৱাৰ উপক্ৰম ঘটিছে। ইতিমধ্যে দেশৰ প্ৰান্তে প্ৰান্তে হিন্দু সংগঠনসকলে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ।
ইয়াৰ মাজতে উদয়পুৰত পৰিস্থিতি অধিক শোচনীয় হৈ পৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰি স্থানীয় প্ৰশাসনে ৩০ জুনৰ মাজ নিশা ১২ বজালৈকে কাৰ্ফিউ বলবৎ কৰা হৈছে।
আৰু পঢ়ক : আজি মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব একনাথ সিন্ধে…