কাশ্মীৰ সমস্যা সমাধান নোহোৱাকৈ ভাৰতৰ সৈতে ভাল সম্পৰ্ক সম্ভৱ নহয়: পাকিস্তান প্ৰধানমন্ত্ৰী

কাশ্মীৰ সমস্যা সমাধান নোহোৱাকৈ ভাৰতৰ সৈতে ভাল সম্পৰ্ক সম্ভৱ নহয়: পাকিস্তান প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্ক: পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই সোমবাৰে শ্বেহবাজ শ্বৰীফে ভাৰতবৰ্ষক লৈ মন্তব্য কৰে।তেওঁ কয় যে "ভাৰতৰ সৈতে ভাল সম্পৰ্ক বিচাৰো কিন্তু কাশ্মীৰ সমস্যাৰ সমাধান হোৱা অৱিহনে সেয়া অসম্ভৱ"।

তেওঁ উদ্বোধনী ভাষণত কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিলৰ বিষয়টো উত্থাপন কৰে ।তেওঁ অভিযোগ কৰি কয় যে  কাশ্মীৰৰ লোক সকলৰ যথেষ্ঠ ক্ষতি হৈছে আৰু পাকিস্তানে তেওঁলোকক "কূটনৈতিক আৰু নৈতিক সমৰ্থন" প্ৰদান কৰিব লগতে প্ৰতিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টো উত্থাপন কৰিব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে কাশ্মীৰৰ ভাই-ভনী সকলৰ বাবে পাকিস্তানে সকলো ধৰণৰ সহায়েই কৰিব আৰু সঠিক মৰ্যদা প্ৰদান কৰিব।

শ্বেহবাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাশ্মীৰ সমস্যাসমাধানৰ বাবে আগবাঢ়ি আহিবলৈ কয় যাতে দুয়োখন দেশে দৰিদ্ৰতা, নিবনুৱা, ঔষধৰ অভাৱ আৰু অন্যান্য সমস্যাৰ মোকাবিলাত মনোনিৱেশ কৰিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in