গীৰ্জাত অচিনাক্ত দুৰ্বৃত্তৰ গুলিচালনা, এই পৰ্যন্ত মৃত্য়ু ৮জনৰ...

বন্দুক সংস্কৃতিয়ে এতিয়া শিপাব ধৰিছে বিশ্বৰ সকলো দেশতে৷ এই বন্দুক সংস্কৃতিৰ বাবেই প্ৰায়বোৰ দেশত গুলিচালনাৰ ঘটনা বৃদ্ধি পাব ধৰিছে৷
গীৰ্জাত অচিনাক্ত দুৰ্বৃত্তৰ গুলিচালনা, এই পৰ্যন্ত মৃত্য়ু ৮জনৰ...

ডিজিটেল ডেস্কঃ বন্দুক সংস্কৃতিয়ে এতিয়া শিপাব ধৰিছে বিশ্বৰ সকলো দেশতে৷ এই বন্দুক সংস্কৃতিৰ বাবেই প্ৰায়বোৰ দেশত গুলিচালনাৰ ঘটনা বৃদ্ধি পাব ধৰিছে৷ কি ধৰ্মস্থান কি ৰাজহুৱা স্থান একো এৰি দিয়া নাই দুষ্কৃতিকাৰীয়ে৷

 বিগত কিছুবছৰৰ পূৰ্বেই আমেৰিকাৰ এক ধৰ্মীয় স্থানত এজন যুৱকে বন্দুক লৈ নিবিচাৰ গুলিচালনা কৰিছিল৷ যি ঘটনাই সমগ্ৰ বিশ্ব কঁপাই গৈছিল৷ 

 শেহতীয়াকৈ এনে এক ঘটনা পুনৰ সংঘটিত হৈছে জাৰ্মানীত ৷ হামবাৰগৰ এটা গীৰ্জাঘৰত বন্দুকধাৰীয়ে গুলি চালনা কৰে৷ গুলিচালনাৰ ফলত এই পৰ্যন্ত ৮জন মৃত্যু হৈছে লগতে আহত হৈছে বহুতো লোক৷

 মৃতলোক সকলৰ মাজত এজন আক্ৰমণকাৰীও আছে৷ আনহাতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো আংশকা প্ৰকাশ কৰা হৈছে ৷

 এই আক্ৰমণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷  আৰক্ষীয়ে সন্দেহ কৰিছে দুষ্কৃতিকাৰীৰ এটা দলে গীৰ্জাঘৰত সোমাই এনে অমানৱীয় কাণ্ড সংঘটিত কৰিছে৷  আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯:০০ বজাত এই ঘটনা সংঘটিত হৈছে৷

 বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাৰ পিছতেই আৰক্ষীয়ে গোটেই অঞ্চল ঘেৰাও কৰি ৰাখিছে৷ নিৰাপত্তাজনিত কাৰকৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে অঞ্চলবাসীক ঘৰৰ বাহিৰ নহ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ লগতে জনসাধাৰণক উৰা বাতৰি নিবিয়পাবলৈও আহ্বান জনাইছে৷ 

গীৰ্জাত অচিনাক্ত দুৰ্বৃত্তৰ গুলিচালনা, এই পৰ্যন্ত মৃত্য়ু ৮জনৰ...
ঘোষণা হ'ল অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in