গাজাত খাদ্য হৈ পৰিছে অস্ত্ৰ ! সাহায্য ল'বলৈ অহা লোকৰ দিশে গুলীচালনা...

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে খাদ্য গ্ৰহণ কৰিবলৈ অহা ভোকাতুৰ জনতাক লক্ষ্য কৰিও গুলী চালনা কৰিবলগীয়া হৈছে। সেয়ে গোটেই বিষয়টোৱে এতিয়া তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে। 

author-image
Tushar Pratim
New Update
গাজাত খাদ্য  হৈ পৰিছে অস্ত্ৰ ! সাহায্য ল'বলৈ অহা লোকৰ দিশে গুলীচালনা...

ডিজিটেল ডেস্কঃ যুদ্ধ বিধ্বস্ত গাজাৰ ভোকাতুৰ সাধাৰণ জনতাৰ মাজত খাদ্য বিতৰণৰ বিষয়টো জটিল হৈ পৰিছে। মঙলবাৰে এটা সাহায্য সংস্থাই খাদ্য বিতৰণৰ কাম আৰম্ভ কৰিছিল যদিও সংস্থাটো বিতৰ্কৰ মাজলৈ সোমাই পৰাৰ লগতে পৰিস্থিতি যথেষ্ট অৱনতি ঘটিছে।  

Advertisment

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে খাদ্য গ্ৰহণ কৰিবলৈ অহা ভোকাতুৰ জনতাক লক্ষ্য কৰিও গুলী চালনা কৰিবলগীয়া হৈছে। সেয়ে গোটেই বিষয়টোৱে এতিয়া তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে। 

খাদ্য বিতৰণ কৰা সংস্থাটোৱে জনোৱা মতে খাদ্যৰ তুলনাত খাদ্য গ্ৰহণ কৰিবলৈ অহা লোকৰ সংখ্যা অধিক হোৱাত তেওঁলোক পিছুৱাই যাবলৈ বাধ্য হৈছে। ইজৰাইলী সেনাই জনোৱা মতে সংগঠনটোক সুৰক্ষা দিয়াসকলে এনে পৰিস্থিতিত সতৰ্কতামূলক গুলী চালনা কৰিবলৈয়ো বাধ্য হৈছে। 

এই ঘটনাৰ পিছতে দক্ষিণ গাজাত থকা গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেশ্যন (GHF) নামৰ এই সাহায্য সংস্থাটোৰ ঘাটি ধ্বংস কৰিছে হাজাৰ হাজাৰ পেলেষ্টাইনী লোকে। এই সাহায্য সংস্থাটোৱে আমেৰিকা আৰু ইজৰাইলৰ সমৰ্থন লাভ কৰি আহিছিল। কিন্তু ৰাষ্ট্ৰ সংঘই এই সংগঠনটোক এতিয়ালৈকে স্বীকৃতি দিয়া নাই।

জানিব পৰা মতে সংগঠনটোৱে খাদ্য ভৰ্তি বাহন লৈ গাজাৰ নিৰাপদ স্থানত উপস্থিত হোৱাৰ পিছতে জনসাধাৰণৰ মাজত সেই খাদ্য আৰু সাহায্য সামগ্ৰী বিতৰণৰ কাম আৰম্ভ কৰিছিল। কিন্তু এতিয়ালৈকে ক’ত আৰু কিমান সহায় আগবঢ়াইছে সেই বিষয়ে তেওঁলোকে একো জনোৱা নাই। তাৰোপৰি এই সংগঠনটোৱে ব্যৱহাৰ কৰিছে সশস্ত্ৰ নিৰাপত্তাৰক্ষী।

ৰাষ্ট্ৰসংঘ আৰু গাজাৰ অন্যান্য সাহায্য সংস্থাই গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেশ্যনৰ সৈতে সহযোগিতা কৰিবলৈ অস্বীকাৰ কৰিছে। এই সংগঠনসমূহৰ মতে গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেশ্যনৰ কাম কৰাৰ ধৰণ মানৱতাৰ নীতিৰ বিৰোধ। তেওঁলোকৰ মতে এই সংস্থাটোৱে ‘সহায়ক’ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰে।

সোমবাৰে গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেশ্যনে গাজাত সাহায্য অভিযান আৰম্ভ কৰিছিল। কিন্তু এই পৰ্যন্ত সংগঠনটোৱে কিমান সাহায্য সামগ্ৰী কঢ়িয়াই অনা বাহন  গাজাত উপস্থিত হৈছে সেই সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই। তাৰোপৰি তেওঁলোকে কিমানজন লোকক সাহায্য প্ৰদান কৰিলে সেই তথ্যও নাই। 

এই সংস্থাৰ সাহায্য বিতৰণৰ পদ্ধতিৰ সৈতে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সংস্থাসমূহে তীব্ৰ মতানৈক্য পৰিলক্ষিত হৈছে। সংস্থাটোৰ পৰা সাহায্য ল’বলৈ অহা লোকসকলক প্ৰথমে পৰীক্ষা কৰি তাৰ পিছতহে খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী থকা টোপোলা তেওঁলোকৰ হাতত তুলি দিয়া হৈছে। 

সংস্থাটোৰ খাদ্য বিতৰণ কেন্দ্ৰসমূহ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ দ্বাৰা সুৰক্ষিত আৰু ইয়াৰ চাৰিওফালে ইজৰাইলী সৈন্যই টহল দি আছে। ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সাহায্য সংস্থাসমূহে এই সংস্থাটোৱে মৌলিক মানৱীয় নীতিসমূহ মানি চলাত ব্যৰ্থ হোৱাৰ অভিযোগ কৰিছে। 

এই সংস্থাটোৱে যি নীতিৰে সাহায্য বিতৰণ কৰিছে সেই নীতি অনুসৰি যিসকল লোক তেওঁলোকৰ সাহায্য বিতৰণ কেন্দ্ৰত আহি উপস্থিত হ’ব নোৱাৰে তেওঁলোক সাহায্যৰ পৰা বঞ্চিত হ’ব। সেয়ে সমালোচকসকলে কয়, এই সংগঠনটোৱে সহায়ৰ বাবে চৰ্ত আৰোপ কৰিছে। ইয়াৰ আঁৰত ৰাজনৈতিক আৰু সামৰিক উদ্দেশ্য আছে। 

ইফালে হামাছেও পেলেষ্টাইনীসকলক এই বিতৰ্কিত সাহায্য সংস্থাটোৰ সৈতে সহযোগিতা নকৰিবলৈ সকিয়াই দিছে। এক বিবৃতিত হামাছে কয় যে এই সংগঠনে শৃংখলাৰ পৰিৱৰ্তে বিশৃংখলতাৰ সৃষ্টি কৰিছে। ইয়াৰ দ্বাৰা এনে এক নীতি জাপি দিয়া হৈছে যাৰ ফলত পেলেষ্টাইনৰ জনসাধাৰণে অনাহাৰৰ হে সন্মুখীন হ’ব। যুদ্ধৰ সময়ত ই খাদ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব।

 

পেলেষ্টাইন গাজা ষ্ট্ৰিপ