গ্ৰেপ্তাৰ হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান !

গ্ৰেপ্তাৰ হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান !

author-image
asomiyapratidin
New Update
গ্ৰেপ্তাৰ হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান !

ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ'ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান ! জামিনত থকা ইমৰান খানৰ সুৰক্ষামূলক জামিনৰ ম্যাদ উকলি যোৱাৰ পিছতে এই সম্ভাৱনা অধিক ঘনিভূত হৈ পৰিছে। ইমৰান খানৰ ওপৰত একুৰিৰো অধিক গোচৰ ৰুজু হৈ আছে। এই গোচৰবোৰৰ ভিতৰত আছে সংঘৰ্ষ, ৰাজদ্ৰোহ, বিশৃংখলতা, যুক্তৰাষ্ট্ৰৰ ওপৰত সশস্ত্ৰ আক্ৰমণ আদি।

Advertisment

ইমৰান খানৰ গ্ৰেপ্তাৰৰ প্ৰসংগত দেশখনৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে ৰাজহুৱা কৰিছে। তেওঁ স্পষ্টকৈ কৈছে ইমৰান খানৰ সুৰক্ষামূলক জামিনৰ ম্যাদ উকলি যোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব। প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত থকা নিৰাপত্তাৰক্ষীয়ে ইমৰান খানৰ জামিনৰ ম্যাদ উকলি যোৱাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰিব বুলি ৰাণা ছানাউল্লাহে মন্তব্য কৰিছে।

বিগত পেছাৱাৰ উচ্চ ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ৫০ হাজাৰ টকাৰ জামিন বণ্ডৰ বিনিময়ত তিনি সপ্তাহৰ বাবে জামিন প্ৰদান কৰিছিল। সেই জামিনৰ ম্যাদ শেষ হৈছে। সেয়েহে তেওঁক এতিয়া গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাই দেখা দিছে।

ক্লিক কৰি পঢ়কঃ মহানগৰীৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সমীপত পুৰুষৰ মৃতদেহ উদ্ধাৰ…