হাৰ্ডিক পাণ্ডিয়াক প্ৰশংসা প্ৰাক্তন পাকিস্তানী প্ৰশিক্ষকৰ…

হাৰ্ডিক পাণ্ডিয়াক প্ৰশংসা প্ৰাক্তন পাকিস্তানী প্ৰশিক্ষকৰ…

author-image
asomiyapratidin
New Update
হাৰ্ডিক পাণ্ডিয়াক প্ৰশংসা প্ৰাক্তন পাকিস্তানী প্ৰশিক্ষকৰ…

ডিজিটেল ডেস্কঃ এছিয়া কাপত দেওবাৰে ভাৰত-পাকিস্তানৰ মেচত বেটে-বলে উজলি উঠিছিল ভাৰতীয় অলৰাউণ্ডাৰ  হাৰ্ডিক পাণ্ডিয়া। প্ৰথম ইনিংচত বল হাতত লৈ দখল কৰে ৩টা উইকেট।অন্যহাতে দ্বিতীয় ইনিংচত বেট হাতত লৈ ভাৰতৰ বিজয়ত পাণ্ডিয়াই মুখ্য ভুমিকা লয়। মাত্ৰ ১৭ টা বলত মূল্যবান ৩৩ ৰাণ সংগ্ৰহ কৰে।য'ত আছিল ১টা অভাৰ বাউণ্ডেৰী আৰু ৪টা বাউণ্ডেৰী।

Advertisment

উল্লেখ্য যে হাৰ্ডিকৰ এই প্ৰদৰ্শনকলৈ এক বিশেষ মন্তব্য প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰশিক্ষক মিকি আৰ্থাৰে।আৰ্থাৰে কয় যে ভাৰতে ১২ জন খেলুৱৈৰে খেলা যেন লাগিছে।ভাৰতে লাইনআপত এজন অতিৰিক্ত খেলুৱৈৰ সৈতে খেলাৰ দৰে হৈছে।

আৰ্থাৰে লগতে কয় যে পাণ্ডিয়া এগৰাকী পৰিপক্ক খেলুৱৈ।পাণ্ডিয়াই ৪জন বলাৰৰ ভিতৰত এজন আৰু বেটিং লাইনআপৰ ৫জনৰ ভিতৰৰ এজন হিচাপেও তেওঁ খেলিব পাৰে।যিটো এজন অতিৰিক্ত খেলুৱৈয়ে খেলাৰ লেখীয়া কথা।আই পি এলৰ প্ৰসংগ টানি আনি আৰ্থাৰে কয় যে হাৰ্ডিক এনে এজন খেলুৱৈ যিয়ে যোৱা চিজনৰ আই পি এলত দলক নেতৃত্ব প্ৰদান কৰি চেম্পিয়ন কৰাইছিল।তেওঁ চাপৰ সময়ত কেনেকৈ পৰিস্থিতিৰ মুখামুখি হ'ব লাগে তাক ভালকৈ জানে।

aarthar ind hardik pandya pak