/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6d925cef-177c-43e9-956c-9015b704c961/form.jpg)
ডিজিটেল ডেস্ক : আমেৰিকাৰ বিখ্যাত ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে নিজৰ সন্তানে প্ৰথম দিনা বিদ্যালয়লৈ যোৱাৰ দিনা সন্তানৰ শিক্ষক গৰাকীক দিছিল এখন চিঠি । পৰৱৰ্তী কালত সমগ্ৰ বিশ্বত জুইৰ দৰে বিয়পি পৰিছিল চিঠিখন । কবিতাৰ শৈলীত লিখা এই চিঠিখন পাছলৈ বিভিন্ন ভাষাত তৰ্জমা হোৱাৰ ওপৰিও অধ্যয়নৰ বাবে মুকলি কৰি দিয়া হৈছিল সাহিত্যৰ শিক্ষাৰ্থী সকল লৈ ।
এই চিঠিখনত ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে নিজৰ সন্তানৰ শিক্ষকক অনুৰোধ জনাইছিল যে তেওঁৰ সন্তানক কেৱল কিতাপৰ মাজতেই আৱদ্ধ কৰি নাৰাখি জীৱন দৰ্শনৰো শিক্ষা দিবলৈ । সফলতাৰ সৈতে বিফলতাকো আকোৱালি ল'বলৈ শিক্ষা দিবলৈ । নৈ, গছ-গছনি, আকাশ, পখিলা এই সকলোৰে নীৰৱ সাক্ষী হৈ ৰ'বলৈ । এটি শিশুক গঢ়ি মানুহ কৰি তুলিবলৈ প্ৰয়োজন হোৱা সকলো শিক্ষা দিবলৈ অনুৰোধ জনাইছিল ৰাষ্ট্ৰপতি গৰাকীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6188570b-307f-4084-889e-a312bc12ea10/AB_lincoln.webp)
এই চিঠিখন কেৱল এগৰাকী অভিভাৱকৰ নাছিল, বৰং পৃথিৱীৰ সেই প্ৰত্যেক গৰাকী অভিভাৱকৰ আছিল যি নিজৰ সন্তানক এখন সুস্থ আৰু হিংসা, ঘৃণাহীন পৃথিৱী উপহাৰ দিব বিচৰাৰ উপৰিও পৃথিৱীকো উপহাৰ দিব বিচাৰিছিল এক অনন্য নৱ প্ৰজন্ম ।
আব্ৰাহাম লিংকনৰ চিঠিখনৰ কেইবাশ বছৰ পাছত পুনৰ তেনে এক ঘটনা সংঘটিত হ'ল আমেৰিকাত । এমিলী গৌল্ড নামৰ এগৰাকী মাতৃয়ে নিজৰ ৪ বছৰীয়া সন্তানৰ বিদ্যালয়ৰ নামভৰ্তিৰ বাবে প্ৰয়োজনীয় প্ৰ-পত্ৰত লিখা উত্তৰ সমূহে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত । নিজৰ ৪ বছৰীয়া সন্তানক স্বাৱলম্বী আৰু উজ্জ্বল বুলি স্বীকৃতি দিয়ে এমিলীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/293573d2-5325-4c0d-84d8-5bc9f532149e/emily.jpg)
প্ৰ-পত্ৰত থকা চাৰিওটা প্ৰশ্নৰ উত্তৰৰ মাজেৰেই যেন এমিলীয়ে প্ৰকাশ কৰিলে বহু কথা । এতিয়া সমগ্ৰ বিশ্বত কেৱল প্ৰতিযোগিতা । জনা-বুজা হোৱাৰ পৰাই শিশু এটিক বাধ্য কৰোৱা হয় এই প্ৰতিযোগিতাত ভাগ ল'বলৈ । কেৰিয়াৰ গঢ়াৰ যুজত যেন পাহৰি যায় জীৱনটো জীয়াবলৈ । পাহৰি যায় একোটা সম্পদ ৰূপে গঢ় দিবলৈ ।
কিন্তু তাৰ মাজতেই এমিলীৰ এই উত্তৰ সমূহে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় সকলোৰে । আব্ৰাহাম লিংকনৰ দৰে দীঘলীয়া চিঠিৰ জৰিয়তে শিক্ষকক অনুৰোধ নকৰিলেও কেৱল ৪টা উত্তৰৰ মাজেৰেই বহু কথা ক'লে এমিলীয়ে ।