অচিৰেই আকাশত উৰিব কাৰ! আহি আছে…

অচিৰেই আকাশত উৰিব কাৰ! আহি আছে…

author-image
asomiyapratidin
New Update
অচিৰেই আকাশত উৰিব কাৰ! আহি আছে…

ডিজিটেল ডেস্কঃ অচিৰেই মুকলি হব উৰন্ত বাহন! আচৰিত যেন লাগিলেও প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ যুগত এয়া অসম্ভৱ নহয়। জাপানৰ এটা গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানে নিৰ্মান কৰিছে উৰন্ত কাৰ। সোমবাৰে জাপানৰ এন ই চি (NEC) নামৰ প্ৰতিষ্ঠানটোৱে এই বাহন খনৰ কিছু ফটো ৰাজহুৱা কৰিছে। প্ৰতিষ্ঠানটোৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই বাহনখনত যাত্ৰা কৰিব পাৰিব ২ জন যাত্ৰীয়ে।

Advertisment

সোমবাৰে উৰন্ত বাহন খনৰ টেষ্ট ড্ৰাইভৰ সময়ত ১ মিনিট ধৰি প্ৰায় ১০ ফুট ওপৰত শূণ্যত চলাচল কৰে। এই বিশেষ বাহনখন দেখাত এটা ড্ৰোণ সদৃশ। বাহনখনত সংস্থাপিত কৰা হৈছে ৪ খন পাংখা। প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি বাহনখনৰ আৰু কিছুদিশ উন্নত কৰাৰ পাছতে বজাৰত মুকলি কৰাৰ চিন্তা-চৰ্চা কৰা হব। উল্লেখ্য যে, উৰন্ত বাহন নিৰ্মানৰ ক্ষেত্ৰত বহুদিনৰে পৰা প্ৰস্তুতি চলাই আছে আমেৰিকাইও।