ইউক্ৰেইনৰ পৰা পুনৰ ঘৰলৈ উভতিল ১৮২ জন ভাৰতীয়, ধন্যবাদ চৰকাৰক…

ইউক্ৰেইনৰ পৰা পুনৰ ঘৰলৈ উভতিল ১৮২ জন ভাৰতীয়, ধন্যবাদ চৰকাৰক…

author-image
asomiyapratidin
New Update
ইউক্ৰেইনৰ পৰা পুনৰ ঘৰলৈ উভতিল ১৮২ জন ভাৰতীয়, ধন্যবাদ চৰকাৰক…

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই শংকিত কৰি তুলিছে সমগ্ৰ বিশ্বক। এই সময়চোৱাত বহু ভাৰতীয় নাগৰিক আছে ইউক্ৰেইনতে।ইতিমধ্যে বহু ভাৰতীয়ক বিশেষ বিমানেৰে ভাৰতলৈ অনা হৈছে তথাপিও বহু সংখ্যক লোক ইউক্ৰেইনতে আছে।

ইয়াৰ মাজতে অপৰেশ্যন গংগাৰ ৭ নম্বৰখন বিমানে ১৮২ জন ভাৰতীয় লোকৰ সহায়ত ৰোমানিয়াৰ বুখাৰেষ্টনৰ পৰা মুম্বাইত উপস্থিত হয়।মুম্বাইত উপস্থিত হোৱা পাছতেই কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে আদৰণি জনাই ভাৰতীয় নাগৰিকসকলক।

অষ্টমখন বিমানেও আজি হাংগেৰীৰ পৰা নতুন দিল্লীলৈ ৰাওনা হয়।এই সন্দৰ্ভত এগৰাকী ছাত্ৰই ভাৰতীয় দূতবাস আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।কিয়নো তেওঁলোকক ঘৰলৈ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টা কৰি আছে।

উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেউনৰ যুদ্ধই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত ভাৰতে নিৰপেক্ষ ভূমিকা পালন কৰি অহা দেখা গৈছে।

ukraine Bucharest russia