অলিম্পিকৰ গেম ভিলেজত কোৰোনাৰ প্ৰৱেশ

অলিম্পিকৰ গেম ভিলেজত কোৰোনাৰ প্ৰৱেশ

author-image
asomiyapratidin
New Update
অলিম্পিকৰ গেম ভিলেজত কোৰোনাৰ প্ৰৱেশ

ডিজিটেল ডেস্কঃ টকিঅ' অলিম্পিকলৈ মাজত মাত্ৰ কেইটামান দিন। ইতিমধ্যে প্ৰতিযোগিতাখনলৈ বুলি ৰাউনা হৈছে বিভিন্ন দেশৰ খেলুৱৈ। এনে সময়তে আহিছে এক বেয়া খবৰ। টকিঅ' অলিম্পিকস্থলীত প্ৰৱেশ কৰিছে মহামাৰী কোৰোনাই। প্ৰতিযোগিতাখনলৈ ৬ টা দিন বাকী থকাৰ সময়ত অলিম্পিকস্থলিত প্ৰথমজন কোৰোনা আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছে।

Advertisment

ক্লিক কৰি পঢ়কঃ ইটালীৰ পৰা টকিঅ' অভিমুখে ৰাওনা হ'ল লাভলীনা…

প্ৰতিযোগিতাখনৰ আয়োজকে জনোৱা অনুসৰি গেম ভিলেজৰ এজন ব্যক্তিৰ দেহত ধৰা পৰিছে কোৰোনা। এই বিশেষ ব্যক্তিজনক ইতিমধ্যে গেম ভিলেজৰ পৰা উলিয়াই দিয়া হৈছে আৰু তেওঁক এখন নিৰ্দিষ্ট হোটেলত ৰখা হৈছে। মনকৰিবলগীয়া যে এই গেম ভিলেজতেই থাকিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাহাজাৰ এথলিট আৰু দলীয় মেনেজমেণ্টৰ লোকসকল।

ইফালে টকিঅ' অলিম্পিক আয়োজক কমিটিৰ মুখ্য সংগঠক চেইকো হাচিমোটোৱে জনাইছে যে, আমি যিকোনো কোভিডৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰিছো। উল্লেখ্য যে কোভিড মহামাৰীৰ বাবেই এবছৰ পিছুৱাই দিয়া হৈছিল টকিঅ' অলিম্পিক প্ৰতিযোগিতা। সেয়েহে কোভিডে যাতে কোনো কাৰণতে প্ৰতিযোগিতাখনলৈ পুনৰ বিপদ কঢ়িয়াই আনিব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আয়োজক কমিটিয়ে।