কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড : ভাৰতীয় শ্ৰমিকসহ ৩০ৰো অধিক নিহত

কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড : ভাৰতীয় শ্ৰমিকসহ ৩০ৰো অধিক নিহত

author-image
Asomiya Pratidin
New Update
কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড : ভাৰতীয় শ্ৰমিকসহ ৩০ৰো অধিক নিহত

ডিজিটেল ডেস্ক : কুৱেইট চহৰৰ এটি অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৩০ৰো অধিক লোক নিহত হয়। ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা প্ৰায় ৯-০০ বজাত সংঘটিত হয় এই ঘটনা।

Advertisment

বাতৰি লিখা পৰলৈকে ৫০ৰো অধিক অগ্নিদগ্ধ লোকক হাস্পতাল ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ভাৰতীয় শ্ৰমিকসহ ৩১জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কুৱেইটৰ মাংগাফ চহৰৰ এটা অট্টালিকা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। ইতিমধ্যে এই ঘটনাৰ পাছতে কুৱেইটৰ ভাৰতীয় দূতাবাসে সহায়ক নম্বৰ মুকলি কৰিছে।

Also Read: কাছাৰত ১৮ টা বাৰ্মিজ গৰুসহ ৪ টা ম'হ জব্দ

Kuwait