/asomiyapratidin/media/media_files/2025/07/31/cakifornia-31-2025-07-31-15-21-38.jpg)
ডিজিটেল ডেস্কঃ আন এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ সাক্ষী হল বিশ্ব। বৃহস্পতিবাৰে কেলিফৰ্ণিয়াত ভূপতিত হল আমেৰিকান সেনাৰ এফ-৩৫ যুদ্ধ বিমান। ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই দুৰ্ঘটনাৰ হতাহতিৰ প্ৰকৃত খবৰ এতিয়ালৈকে লাভ কৰা নাই।
জানিব পৰা মতে কেলিফৰ্ণিয়াৰ লেমুৰৰ নেভাল এয়াৰ ষ্টেচনৰ কাষত দুৰ্ঘটনাগ্ৰস্ত হয় এই যুঁজাৰু বিমানখন। ইতিমধ্যে দুৰ্ঘটনাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ তাত দেখা গৈছে পথাৰত পৰি আছে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষ। তাৰ পৰা জুইৰ শিখা ওলাই আছে আৰু ক’লা ধোঁৱাই আৱৰি ধৰিছে অঞ্চলটোক।
চিএনএনৰ বাতৰি অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখন আমেৰিকাৰ নৌসেনাৰ এফ-৩৫ যুদ্ধ বিমান। এই বিমানখনক ‘ৰাফ ৰেইডাৰ্ছ’ নামেৰেও জনাজাত। বিমানখনক ষ্ট্ৰাইক ফাইটাৰ স্কোয়াড্ৰন ভিএফ-১২৫ত নিযুক্তি দিয়া হৈছিল।
খবৰ অনুসৰি দুৰ্ঘটনাৰ সময়ত পাইলটজনে শেষ মুহূৰ্তত কোনোমতে বিমানখনৰ পৰা ৰক্ষা পৰে। তেওঁৰ কোনো ক্ষতি হোৱা নাই। এই ঘটনাত কোনো লোক হতাহতি হোৱাৰো খবৰ পোৱা নাই।
আনহাতে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে জৰুৰীকালীন উদ্ধাৰকাৰী ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে বিমানখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। দুৰ্ঘটনাটো কিদৰে সংঘটিত হ’ল সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।