কিয় ফেচবুকে ভৰিব লাগিব ৪.৭ কোটি টকাৰ জৰিমনা?

কিয় ফেচবুকে ভৰিব লাগিব ৪.৭ কোটি টকাৰ জৰিমনা?

author-image
asomiyapratidin
New Update
ইউক্ৰেইনৰ ২ যুৱকে ৰাজহুৱা কৰিলে ৬০হাজাৰ ফেচবুক একাউণ্টৰ তথ্য…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বিশ্বৰ জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকক ইয়াৰ ব্যৱহাৰকাৰীৰ তথ্যৰ অপব্যৱহাৰৰ অভিযোগত ব্ৰিটেনৰ তথ্য আয়োগৰ কাৰ্যালয়ে ৪.৭ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে। কেম্ব্ৰিজ এনালিটিকা কেলেংকাৰীত জড়িত থকাৰ অপৰাধত ফে'চবুকৰ ওপৰত এই জৰিমনা আৰোপ কৰা হৈছে।

Advertisment

উল্লেখ্য যে, যোৱা ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়চোৱাত কেম্ব্ৰিজ এনালিটিকাই অনুচিতভাৱে এটা এপ্লিকেচনৰ জৰিয়তে বহু কোটি ফেচবুক ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ কৰিছিল।

ব্ৰিটেইনৰ তথ্য আয়োগৰ কাৰ্যালয়ৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি যোৱা ২০০৭-২০১৪ৰ সময়চোৱাত ফেচবুকে ইয়াৰ ব্যৱহাৰকাৰীৰ অনুমতি অবিহনে কেম্ব্ৰিজ এনালিটিকাক ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য-পাতি প্ৰদান কৰিছিল। এই ঘটনাৰে আইন উলংঘা কৰাৰ অপৰাধত ফেচবুকক বিহা হৈছে ৪.৭ কোটি টকাৰ জৰিমনা।