/asomiyapratidin/media/media_files/2025/05/08/MRft3sFJTCmVravV97UR.jpg)
ডিজিটেল ডেস্কঃ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে পুনৰ কঁপি উঠিল পাকিস্তানৰ মাটি। লাহোৰৰ পাছত কৰাচী, গুজৰাণৱালাকে ধৰি ১০খন চহৰৰ ১৫টা অঞ্চল এই বিস্ফোৰণে কঁপাই তুলিছে। প্ৰতিখন চহৰতে ড্ৰ’ন আক্ৰমণৰ খবৰ পোৱা গৈছে।
অপাৰেচন সিন্দুৰৰ ২৪ ঘণ্টাৰ ভিতৰত পাকিস্তানৰ গুৰুত্বপূৰ্ণ চহৰসমূহত কোনে এইদৰে ড্ৰ’ণ আক্ৰমণ চলাইছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু পাকিস্তানে দাবী কৰিছে ভাৰতীয় সেনাই এই আক্ৰমণ চলাইছে। অৱশ্যে এই সন্দৰ্ভত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কোনো প্ৰত্যুত্তৰ দিয়া নাই।
বৃহস্পতিবাৰে পুৱা ৭ বজাত লাহোৰ সেনা শিবিৰৰ গাতে লাগি থকা বাণিজ্যিক অঞ্চলটো জোকাৰি যায় ধাৰাবাহিক বিস্ফোৰণত। তাৰ পিছত কৰাচীৰ পৰা বিস্ফোৰণৰ খবৰ আহে। পাকিস্তানৰ সামা টিভিৰ বাতৰি অনুসৰি কৰাচীত ধাৰাবাহিকভাৱে বিস্ফোৰণৰ শব্দ শুনা গৈছে।
ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ বৃহৎ দল। ইয়াৰ উপৰিও গুজৰাণৱালাৰ পৰা বিস্ফোৰণৰ শব্দ আহিছে। ১২ খন ড্ৰ’ন ব্যৱহাৰ কৰি এই আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰিছে পাকিস্তান আৰক্ষীয়ে। ইয়াৰ পিছতে স্থানীয় লোকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
ইতিমধ্যে ইয়াৰ তদন্ত আৰম্ভ হৈছে বুলিও জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ধাতুৰ টুকুৰা। কেৱল লাহোৰ, কৰাচী বা গুজৰাণৱালা নহয়, ৰাৱালপিণ্ডি, শ্বেখপুৰা, নৰোৱাল, উমাৰকোট, ঘাটকী, শিয়ালকোট, বেলুচিস্তানৰ পৰা বিস্ফোৰণৰ খবৰ আহিছে।
পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ জনসংযোগ বিষয়া ডি জি লেফটেনেণ্ট আহমেদ শ্বৰীফ চৌধৰীয়ে এই সন্দৰ্ভত কয় যে বিভিন্ন অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। মন কৰিবলগীয়া যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰত্যুত্তৰ হিচাপে ৭ মে’ত ভাৰতে অপাৰেচন সিন্দুৰ সফলতাৰে সম্পন্ন কৰিছিল।
তাৰ ২৪ ঘণ্টাৰ ভিতৰতে এইদৰে ভিন্ন স্থানত ড্ৰ’নেৰে আক্ৰমণ চলাৰ খবৰ। কিন্তু এই আক্ৰমণ কোনো কৰিছে সেয়াহে এক ৰহস্যৰ বিষয় হৈ পৰিছে।
🚨🇵🇰 EXPLOSION ROCKS KARACHI, PAKISTAN
— Sputnik India (@Sputnik_India) May 8, 2025
Pak media reports suggest it was a drone attack.
pic.twitter.com/pvKbQnDa3E