বৃহস্পতি গ্ৰহত জীৱৰ সন্ধান বিচাৰি ইউৰোপীয়ান স্পেছ এজেন্সী...

বৃহস্পতি গ্ৰহত জীৱৰ সন্ধান বিচাৰি ইউৰোপীয়ান স্পেছ এজেন্সী...

ডিজিটেল ডেস্ক : সৌৰজগতৰ সৃষ্টি আৰু পৃথিৱীত জীৱমণ্ডলৰ সৃষ্টিৰ আছে ওত:প্ৰোত সম্পৰ্ক । কোৱা হয় যে সূৰ্যৰ পৰা এক নিখুঁত দূৰত্বত অৱস্থান গ্ৰহণ কৰা পৃথিৱীৰ বায়ুমণ্ডল তথা পৰিৱেশৰ বাবেই সম্ভৱ হৈ উঠিছে ইয়াত জীৱজগতৰ অস্তিত্ব । কিন্তু এই কথাটো বিজ্ঞানে মানি ল'বলৈ বিচৰা নাই কাহানিও । যাৰ বাবেই সৃষ্টি হৈছে এলিয়েন অথবা বহিৰ্বিশ্বৰ প্ৰাণীৰ বহু মনেসজা কাহিনী, অন্য গ্ৰহলৈ পঠিওৱা হৈছে মহাকাশযান । মুঠতে অন্য গ্ৰহসমূহ তন্ন তন্নকৈ পৰীক্ষা নকৰালৈকে বিশ্বাস নকৰে এই কথা । অৱশ্যে বিজ্ঞানৰ মূল উদ্দেশ্যই এইটো, যে প্ৰমাণ অবিহনে একো কথাৰেই ভিত্তি নাই ।

যাৰ বাবেই এতিয়া ইউৰোপীয়ান স্পেছ এজেন্সীয়ে বৃহস্পতি গ্ৰহলৈ পঠিয়াইছে এক মহাকাশযান । যি বৃহস্পতি গ্ৰহৰ উপগ্ৰহত চলাব এক সম্পৰীক্ষা । এই সম্পৰীক্ষাই প্ৰমাণ কৰিব যে তাতে জীৱজগতৰ কোনো অস্তিত্ব আছে নেকি ।

ফ্ৰান্সৰ গুইনা প্ৰদেশৰ পৰা আৰিয়ান-৫ নামৰ এটি ৰকেটে কঢ়িয়াই নিয়া এই মহাকাশযানখন বৃহস্পতিবাৰেই নিক্ষেপন কৰ‍াৰ কথা আছিল যদিও বতৰৰ বাবে সেইয়া সম্ভৱ হৈ নুঠিল । যাৰ বাবে শনিবাৰে পুনৰ সেই প্ৰচেষ্টা চলাই ইউৰোপীয়ান স্পেছ এজেন্সীয়ে । এইবাৰ বতৰেও বিধি-পথালি নিদিলে মহাকাশযানখনৰ উৰণত । সুকলমে সম্পন্ন হ'ল নিক্ষেপন ।

উল্লেখ্য যে, এই সম্পূৰ্ণ অভিযানটোৰ বাবে ইউৰোপীয়ান স্পেছ এজেন্সীয়ে খৰচ কৰিব লগীয়া হৈছিল সৰ্বমুঠ ১.৬ বিলিয়ন ইউৰো । সৌৰজগতৰ সৰ্ববৃহৎ গ্ৰহটোলৈ পঠিওৱা এই মহাকাশযানখনে অধ্যয়ন কৰিব বৃহস্পতিগ্ৰহৰ তিনিটা উপগ্ৰহক । এই কেইটা হৈছে ক্ৰমে, কেলিষ্ট' গেনীমেড আৰু ইউৰোপা ।

এই তিনিওটা উপগ্ৰহ তথ্য অনুসৰি, শুকান বৰফে আৱৰা । তেনেস্থলত এক বৃহৎ আশাৰ সৈতে শূণ্য ফলাফলৰ কিছু আশংকাও বান্ধি নিছে মহাকাশযানখনে । অৱশ্যে এই তিনিওটা উপগ্ৰহত পানীৰ অৱস্থিতিও পোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে বিজ্ঞানীসকলে ।

তেনেস্থলত এতিয়া অপেক্ষা মাথো আৰিয়ান-৫ উভতি অহাৰ । জীৱজগতৰ এক নতুন ঠিকনা হয়তো লাভ কৰিব মানৱ সমাজে আগন্তুক সময়ত ।

বৃহস্পতি গ্ৰহত জীৱৰ সন্ধান বিচাৰি ইউৰোপীয়ান স্পেছ এজেন্সী...
কোন আছিল আতিক আহমেদ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in