ফেচবুকৰ জৰিয়তহে জানিবলৈ পাইছিল পিতৃৰ মৃত্যুৰ বাতৰি...

ফেচবুকৰ জৰিয়তহে জানিবলৈ পাইছিল পিতৃৰ মৃত্যুৰ বাতৰি...

ডিজিটেল ডেস্ক : সামাজিক মাধ্যম এতিয়া কেৱল বিনোদন আৰু যোগাযোগৰ আহিলা হৈ ৰোৱা নাই সমগ্ৰ বিশ্বৰ বাবে । সময়ে সময়ে হিংসা, হত্যা, ঘৃণাও একেই ৰূপতেই সম্পাদিত হৈ আহিছে সামাজিক মাধ্যমসমূহত । ইয়াৰ বাবে দায়ী সামাজিক মাধ্যমসমূহ নহয়, বৰং দায়ী এনেধৰণৰ ঋণাত্মক কামৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলহে ।

২০১৮ চনৰ কথা, ইথিয়োপিয়ান বিশ্ববিদ্যালয়ৰ ১৮ বছৰীয়া ছাত্ৰ মোতি দেৰেজে বহু দিনৰ পাছত উভতি আহিছিল ফেচবুকলৈ । ১৮ বছৰীয়া এটি কিশোৰে ফেচবুকৰ পৰা আশা কৰিছিল পৰিয়ালবৰ্গ, বন্ধু বান্ধৱৰ ধুনীয়া আলোকচিত্ৰ, শুভেচ্ছা ভৰা বাৰ্তাৰ । কিন্তু তাৰ পৰিৱৰ্তে দেখিছিল পিতৃৰ মৃতদেহৰ আলোকচিত্ৰ । তেনেদৰেই জানিব পাৰিছিল যে, ইথিপিয়াৰ প্ৰাক্তন সাংসদ তথা মোতি দেৰেজেৰ পিতৃক হত্যা কৰিছে কোনো আততায়ীয়ে । কেনে এক মৰ্মান্তিক মুহুৰ্ত হ'ব পাৰে এটি সন্তানৰ বাবে যি পিতৃৰ মৃত্যুৰ বাতৰি লাভ কৰিছে ফেচবোকৰ ফটোৰ জৰিয়তে, সেইয়াও হত্যাকাৰীৰ বন্য উন্মাদনা ভৰা পোষ্টৰ জৰিয়তে ।

ই ইথিয়োপিয়াৰ বাবে নতুন নহয়, বিগত কিছু বছৰ ধৰি দেশখনত বৃদ্ধি পাইছে ৰাজনৈতিক অস্থিৰতা, তাৰ সৈতেই ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা দুৰ্বৃত্ত সকলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈ লৈছিল এনে ধৰণৰ ফটো, ভিডিঅ' । ঠিক যেন অসমৰ ৯০ৰ দশকৰ অস্থিৰতাৰ সময়ছোৱাৰ দৰেই ।

এই ঘটনাই ৪ বছৰ অতিক্ৰম কৰিলে, কিন্তু আজিও ফেচবুকত আজিও মোতি দেৰেজে লাভ কৰে পিতৃৰ মৃতদেহৰ আলোকচিত্ৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in