মহামাৰী কোৰোনা ঘাইকৈ বতাহৰ যোগেদি বিয়পেঃ বিশেষজ্ঞ

মহামাৰী কোৰোনা ঘাইকৈ বতাহৰ যোগেদি বিয়পেঃ বিশেষজ্ঞ

author-image
asomiyapratidin
New Update
মহামাৰী কোৰোনা ঘাইকৈ বতাহৰ যোগেদি বিয়পেঃ বিশেষজ্ঞ

ডিজিটেল ডেস্কঃ শনিবাৰে 'লেনচেট' নামৰ আন্তঃৰাষ্ট্ৰীয় আলোচনীখনত প্ৰকাশিত এটি মূল্যায়ণমূলক লেখাত কোৰোনাৰ আঁৰৰ 'এছ এ আৰ এছ-কভ-২' ভাইৰাছ প্ৰধানতঃ বতাহৰ যোগেদি বিয়পাৰ কথা প্ৰকাশ পায়। আমেৰিকা, ব্ৰিটেইন আৰু কানাডাৰ কেইগৰাকীমান বিশেষজ্ঞই কৰা বিশ্লেষণৰ মতে, কোৰোনা ভাইৰাছ নিয়ন্ত্ৰণৰ বাহিৰত থকাৰ প্ৰধান কাৰণ হ'ল- 'এছ এ আৰ এছ-কভ-২' ভাইৰাছ ঘাইকৈ বায়ুত ভাঁহি থাকে।

Advertisment

বায়ুত এই ভাইৰাছ দ্ৰুতভাৱে বিয়পাৰ ফলত জনসাধাৰণ অসুৰক্ষিত হৈ পৰে। আমেৰিকাৰ ইউনিৰ্ভাৰচিটি অব্ কলবাডোৰ জ'ছ-লুইছ জিমেনেজে কয় যে, বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে আন আন জনস্বাস্থ্য সংস্থা সমূহে বিশেষজ্ঞ সকলৰ বৈজ্ঞানিক প্ৰমাণৰ ভিত্তিত গুৰুত্ব দিয়াটো জৰুৰী। তেতিয়াহে মহামাৰী কোৰোনা সংক্ৰমণ হ্ৰাস কৰা সহায় হ'ব।

বিশেষজ্ঞ সকলে কয় যে, 'এছ এ আৰ এছ-কভ-২' ভাইৰাছৰ সংক্ৰমণৰ হাৰ ঘৰৰ বাহিৰতকৈ ঘৰৰ ভিতৰত বহুত বেছি। ঘৰৰ ভিতৰত বতাহ চলাচলৰ ভাল ব্যৱস্থা থাকিলেহে এই ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাই বুলি বিশেষজ্ঞ সকলে সদৰি কৰে।