মহিলাৰ খেলত অংশ ল'ব নোৱাৰিব তৃতীয় লিংগইঃ ট্ৰাম্পৰ আন এক ডাঙৰ সিদ্ধান্ত...

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে ক্ষমতা দখল কৰাৰ পাছৰে পৰা এটাৰ পাছত এটাকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি বিশ্ববাসীৰ দৃষ্টি কাঢ়িছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মহিলাৰ খেলত অংশ ল'ব নোৱাৰিব তৃতীয় লিংগইঃ ট্ৰাম্পৰ আন এক ডাঙৰ সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে ক্ষমতা দখল কৰাৰ পাছৰে পৰা এটাৰ পাছত এটাকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি বিশ্ববাসীৰ দৃষ্টি কাঢ়িছে। শপতগ্ৰহণৰ এটা মাহৰ ভিতৰতে দেশখনৰ পৰা অবৈধ প্ৰবজনকাৰীক বিতাৰণ কৰাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰসংঘৰ একাধিক আয়োগৰ সদস্যপদ ত্যাগ কৰালৈ ট্ৰাম্পে প্ৰতিটো সিদ্ধান্তৰে মাষ্টাৰষ্ট্ৰোক দিছে।

Advertisment

তাৰ মাজতে অতি শেহতীয়াকৈ ট্ৰাম্পে লোৱা এক সিদ্ধান্তই বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত নতুন চিন্তাৰ উদ্ৰেক ঘটাইছে। তেওঁ আমেৰিকা যুক্ত ৰাষ্ট্ৰত সকলো খেলতে মহিলাৰ শাখাত তৃতীয় লিংগৰ অংশগ্ৰহণত বাধা প্ৰদান কৰিছে। তেওঁ মহিলাৰ খেলত তৃতীয় লিংগৰ প্ৰৱেশ নিষিদ্ধৰ এক চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সম্পৰ্কীয় এক কাৰ্যকৰী আদেশত তেওঁ স্বাক্ষৰ কৰিছে।

এই ঘোষণা জাৰি কৰি তেওঁ হাত চাপৰি বজাই কয় যে, আমি মহিলা এথলিটৰ গৌৰৱশালী পৰম্পৰাক ৰক্ষা কৰিম আৰু পুৰুষক আমাৰ মহিলা, যুৱতীসকলক মাৰিবলৈ, আঘাত কৰিবলৈ আৰু প্ৰৱঞ্চনা কৰিবলৈ অনুমতি প্ৰদান নকৰো। এতিয়াৰে পৰা মহিলাৰ খেল কেৱল মহিলাৰ বাবেহে হব।

উল্লেখ্য যে, ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণৰ পাছতে বহু কঠোৰ সিদ্ধান্ত হাতত লৈছে। বুধবাৰে আমেৰিকাত অবৈধভাৱে বাস কৰি থকা ভাৰতৰ ২০৫ নাগৰিকক বিমানৰ জৰিয়তে ভাৰতলৈ ঘূৰাই পঠিয়ালে। এই লোকসকলক হাত, ভৰি শিকলিৰে বান্ধি দুধৰ্ষ অপৰাধীৰ দৰে ব্যৱহাৰ কৰিলে।

অৱশ্যে ভাৰত চৰকাৰৰ বৈদেশীক মন্ত্ৰণালয়ে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। যিহেতু এই লোকসকলে ভাৰতৰ পৰা বৈধভাৱে আমেৰিকালৈ গৈছিল সেয়ে তেওঁলোকৰ বিৰুদ্ধে ভাৰত চৰকাৰে কোনো আইনী ব্যৱস্থা লোৱাৰো আশা নাই। কেৱল মাত্ৰ তেওঁলোকৰ ক্ৰাইম ৰিপৰ্ট আৰু প্ৰয়োজনীয় নথিহে পৰীক্ষা কৰিছে ভাৰত চৰকাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰ ড'নাল্ড ট্ৰাম্প