ফ্ৰীতে ব্য়ৱহাৰ কৰিব নোৱাৰিব টুইটাৰ ! দিব লাগিব ধন…

ফ্ৰীতে ব্য়ৱহাৰ কৰিব নোৱাৰিব টুইটাৰ ! দিব লাগিব ধন…

author-image
asomiyapratidin
New Update
ফ্ৰীতে ব্য়ৱহাৰ কৰিব নোৱাৰিব টুইটাৰ ! দিব লাগিব ধন…

ডিজিটেল ডেস্কঃ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰিব টুইটাৰ। টুইটাৰ ব্যৱহাৰ কৰিবলৈ আপুনি পৰিশোধ কৰিব লাগিব ধন। টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছতে তেওঁ টুইটাৰৰ নতুন গৰাকী হয়। ইয়াৰ পিছতে তেওঁ গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Advertisment

সেই অনুসৰি এতিয়াৰে পৰা ফ্ৰীতে ব্যৱহাৰ কৰিব নোৱাৰিব টুইটাৰ। বাণিজ্যিক আৰু চৰকাৰী ব্যৱহাৰকাৰীসকলে টুইটাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত পৰিশোধ কৰিব লাগিব ধন। অৱশ্যে এই ক্ষেত্ৰত নিয়মীয়া ব্যৱহাৰকাৰীসকলে পূৰ্বৰ দৰেই বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব টুইটাৰ। তেওঁলোকে পৰিশোধ কৰিব নালাগে ধন।


— Elon Musk (@elonmusk) May 3, 2022

টুইটাৰ ক্ৰয় কৰাৰ পিছতে ইলন মাস্কে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। উল্লেখ্য যে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে টুইটাৰ ক্ৰয় কৰিবলৈ ৪৪ বিলিয়ন ডলাৰ অৰ্থাৎ ৩,৩৬৮ আৰৱ টকাৰ চুক্তি কৰিছিল। উল্লেখ্যে যে পূৰ্বে ইলন মাস্কে টুইটাৰত ৯% শ্বেয়াৰ অংশগ্ৰহণ কৰিছিল। শেহতীয়া চুক্তিৰ পিছত, তেওঁ কোম্পানীটোৰ নতুন গৰাকী হৈছে।

ক্লিক কৰি পঢ়কঃ সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশে মহাৰাষ্ট্ৰঃ গ্ৰেপ্তাৰ হ'ব পাৰে শিৱসেনাৰ অধ্যক্ষ ৰাজ ঠাকৰে….