সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশে মহাৰাষ্ট্ৰঃ গ্ৰেপ্তাৰ হ’ব পাৰে শিৱসেনাৰ অধ্যক্ষ ৰাজ ঠাকৰে….

সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশে মহাৰাষ্ট্ৰঃ গ্ৰেপ্তাৰ হ’ব পাৰে শিৱসেনাৰ অধ্যক্ষ ৰাজ ঠাকৰে….

ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশে মহাৰাষ্ট্ৰ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত লাউডস্পীকাৰ বিতৰ্কই লৈছে গুৰুতৰ ৰূপ। আৰক্ষীৰ কঠোৰ স্থিতিৰ মাজতো একাংশই মছজিদৰ সন্মুখত লাউডস্পীকাৰত পাঠ কৰিবলৈ লৈছে হনুমান চালিছা। মুম্বাইৰ কান্দিভালীৰ চাৰকোপত আজানৰ সময়তে লাউডস্পীকাৰত শিৱসেনাৰ কৰ্মীসকলে লাউডস্পীকাৰত হনুমান চালিছে পাঠ কৰিছে।

আৰক্ষীয়ে ধাৰা ১৪৯ ৰ অধীনত শিৱসেনাৰ অধ্যক্ষ ৰাজ ঠাকৰেক জাননী জাৰি কৰিছে। চি আৰ পি চিৰ ধাৰা ১৪৯ ৰ অধীনত জাৰি কৰা এই জাননীৰ পাছতে এতিয়া শিৱসেনাৰ মূৰব্বীগৰাকী যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। এই ধাৰাৰ অপৰাধ ৰোধৰ বাবে আৰক্ষীয়ে ৱাৰেণ্ট অবিহনে এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰে।

উল্লেখ্য যে মছজিদত নামাজ পাঠ কৰাৰ সময়ত লাউডস্পীকৰা ব্যৱহাৰ কৰাকলৈ বিগত দিন কেইটাত বাৰে বাৰে আপত্তি দৰ্শাই আহিছিল শিৱসেনাৰ মূৰব্বী ৰাজ ঠাকৰেই। তেওঁ লাউডস্পীকাৰত আজান দিয়া বন্ধ নকৰিলে শিৱসেনাৰ কৰ্মীয়ে মছজিদৰ সন্মুখত লাউডস্পীকাৰত হনুমান চালিছা পাঠ কৰিব বুলি হুংকাৰ দিছিল। ইয়াৰ বাবে নিৰ্দিষ্ট কৰিদিছিল এক চূড়ান্ত সীমা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in