ভাৰতৰ আক্ৰমণৰ পাছতে পাকিস্তানত জৰুৰী অৱস্থা ঘোষণা....

ভাৰতীয় সেনাই মাজ নিশা চলোৱা আক্ৰমণৰ পাছতে পাকিস্তানত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা। লস্কৰ-ই-তৈবা আৰু জৈইছ-ই-মহম্মদৰ মুঠ ৯টাকৈ ঘাটি ধ্বংস কৰিছে পাকিস্তানে।

author-image
Tushar Pratim
New Update
ভাৰতৰ আক্ৰমণৰ পাছতে পাকিস্তানত জৰুৰী অৱস্থা ঘোষণা....

ডিজেটেল ডেস্কঃ ভাৰতীয় সেনাই মাজ নিশা চলোৱা আক্ৰমণৰ পাছতে পাকিস্তানত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা। লস্কৰ-ই-তৈবা আৰু জৈইছ-ই-মহম্মদৰ মুঠ ৯টাকৈ ঘাটি লক্ষ্য কৰি আক্ৰমণ কৰাৰ পাছতে পাকিস্তানত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। 

সন্ত্ৰাসবাদীৰ ঘাটি লক্ষ্য কৰি ভাৰতীয় সেনাই কৰা মিছাইল আক্ৰমণৰ পাছতে পাকিস্তানে এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। তেওঁলোকে এই আক্ৰমণত সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা বুলি দাবী কৰিছে।

ইয়াৰ বিপৰীতে ভাৰতে অতি নিখুট ভাৱে সন্ত্ৰাসবাদীৰ ঘাটি আক্ৰমণ কৰাৰ কথা স্পষ্ট কৰিছে। এই আক্ৰমণত ৩০ টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে। 

এই আক্ৰমণৰ পাছতে পাকিস্তানেও ভাৰতক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে আৰু প্ৰকি আক্ৰমণৰ ভাবুকি দিছে। তাৰ মাজতেই দেশখনত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা। 

ইফালে যুদ্ধৰ অন্যতম হটস্পষ্ট হৈ পৰা জম্মু-কাশ্মীৰতো ভাৰতে সকলো সুৰক্ষামূলক ব্যৱস্থা হাতত লৈছে। জম্মু কাশ্মীৰৰ সকলো শিক্ষানুষ্ঠানকে ধৰি সকলো বন্ধ ঘোষণা কৰা হৈছে। ভাৰতীয় বায়ু সেনাই আকাশমাৰ্গৰ পৰা সম্পূৰ্ণ নিৰীক্ষণত ৰাখিছে জম্মু কাশ্মীৰক। 

পেহেলগাম যুদ্ধ পাকিস্তান