ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে সৰৱ ইলন মাস্ক

ড'নাল্ড ট্ৰাম্প আৰু ইলন মাস্কৰ মাজৰ দুৰত্বও ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইলন মাস্কে ড'নাল্ড ট্ৰাম্পে নতুনকৈ কাৰ্যকৰী কৰিবলৈ লোৱা ব্যয় বিলখন বাতিল কৰিবলৈয়ো দাবী জনাইছে। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে সৰৱ ইলন মাস্ক

ডিজিটেল ডেস্কঃ দেউলীয়া হৈ পৰিব আমেৰিকা। এই সকিয়নী টেছলাৰ মুৰব্বী ইলন মাস্কে। ডনাল্ড ট্ৰাম্প প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদবী ত্যাগ কৰাৰ পিছতে ইলন মাস্কে আমেৰিকাৰ সন্দৰ্ভত কৰা এই মন্তব্যই বিশেষ তাৎপৰ্যবহন কৰিছে।

Advertisment

এই কথা স্পষ্ট হৈ পৰিছে যে, ড'নাল্ড ট্ৰাম্প আৰু ইলন মাস্কৰ মাজৰ দুৰত্বও ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইলন মাস্কে ড'নাল্ড ট্ৰাম্পে নতুনকৈ কাৰ্যকৰী কৰিবলৈ লোৱা ব্যয় বিলখন বাতিল কৰিবলৈয়ো দাবী জনাইছে। 

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ পৰাই ইলন মাস্কক ট্ৰাম্পৰ সৈতে অতি ঘনিষ্ঠ ৰূপত দেখিবলৈ পোৱা গৈছিল। কিন্তু শেহতীয়াকৈ ইলন মাস্কে আৰম্ভণিৰে পৰাই ট্ৰাম্পৰ ব্যয় সম্পৰ্কীয় বিলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। 

ব্যয় বিলক ট্ৰাম্পে আমেৰিকাৰ বাবে মহান আৰু সন্দুৰ বুলি অভিহিত কৰি আহিছে যদিও এই বিধেয়কখন আইনত পৰিণত হ’লে ইয়াৰ ফলত আমেৰিকাৰ ঋণ বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। 

বৃহস্পতিবাৰে ইলন মাস্কে নিজেই এক্স হেণ্ডেলত আমেৰিকাক দেউলীয়া কৰা কাৰ্য সঠিক নহয় বুলি উল্লেখ ৰিছে। তেওঁ এক্সৰ জৰিয়তেই এই বিলখনক ঋণৰ দাস বুলি উল্লেখ কৰিছে। 

তেওঁ লিখিছে, "এই বিধেয়কখনে আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ বেছি ঋণ বৃদ্ধি কৰিব। আচলতে ই ঋণৰ দাসত্বৰ বিল।"

ট্ৰাম্পৰ ঘনিষ্ঠ ইলন মাস্কে এই বিলক সমালোচনা কৰাৰ পিছতে অধিক সুযোগ পাইছে বিৰোধীয়েও। বিৰোধী দলৰ ডেম’ক্ৰেটসকলেও মাত মাতিছে। আমেৰিকান প্ৰশাসনৰ সূত্ৰৰ আধাৰত প্ৰকাশিত খবৰ মতে মাস্কৰ সমালোচনাৰ ফলত চৰকাৰৰ বিধেয়কখন গৃহীত কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে। 

অৱশ্যে মাস্কৰ সমালোচনাক ব্যক্তিগতভাৱে খাৰিজ কৰিছে হোৱাইট হাউছৰ বিষয়াসকলে। তেওঁলোকে কয় যে, মাস্কে এই সকলোবোৰ নিজৰ স্বাৰ্থৰ বাবে কৈছে। সূত্ৰ অনুসৰি বিধেয়কখনে বৈদ্যুতিক গাড়ী নিৰ্মাতা কোম্পানীসমূহৰ কৰ ৰেহাই প্ৰত্যাহাৰ কৰিছে। 

ইলন মাস্কৰ টেছলা বিশ্বৰ অন্যতম বৃহৎ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী। সেই বাবেই তেওঁ ইয়াৰ বিৰোধিতা কৰিছে বুলি এক প্ৰচাৰ চলিছে। ইলন মাস্কে অৱশ্যে এই কথাক গুৰুত্ব দিয়া নাই। 

আমেৰিকা চৰকাৰৰ পদবী ত্যাগ কৰাৰ পিছৰে পৰা তেওঁ ট্ৰাম্পৰ ব্যয় বিধেয়কক সমালোচনা কৰি আহিছে। এক সাক্ষাৎকাৰত তেওঁ এই বিধেয়কক হতাশাজনক বুলিও অভিহিত কৰিছে। 

অৱশ্যে হোৱাইট হাউছে মঙলবাৰে কয় যে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ব্যয় সংক্ৰান্তিয় বিলৰ সিদ্ধান্তক সলনি নকৰে। তেওঁৰ প্ৰেছ সচিব কেৰলিন লিভিটে কয়, "আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে জানে যে এই বিধেয়কখনৰ বিৰুদ্ধে ইলন মাস্ক কিয় থিয় দিছে। তেওঁ এই ধৰণৰ কথাত স্থিতি সলনি নকৰে। তেওঁ এই বিধেয়কখনৰ সিদ্ধান্তত অটল।"

উল্লেখ্য যে, ইলন মাস্কে আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগৰ (DOGE) গুৰুত্বপূৰ্ণ পদৰ পৰা পদত্যাগ কৰিছে। ইয়াৰ পিছৰে পৰা তেওঁএই বিধেয়কখনক লৈ তেওঁ মাত মাতি আহিছে। 

তেওঁ দাবী কৰে যে ট্ৰাম্প আৰু তেওঁৰ প্ৰশাসনৰ সহায়কসকলে ইমান দিনে যি কাম কৰি আহিছে, সেই সকলো কাম এই এখন বিধেয়কৰ বাবেই নষ্ট হ’ব। মন কৰিবলগীয়া যে আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগৰ কাম আছিল প্ৰশাসনৰ ‘অপ্ৰয়োজনীয় খৰচ’ কৰ্তন কৰি ধন সঞ্চয় কৰা। বহুতে বিশ্বাস কৰে ইলন মাস্কে এই বিধেয়কখনৰ বাবেই তেওঁ চৰকাৰী কৰ্তব্য এৰি দিয়াৰ কাৰণ।

ট্ৰাম্প প্ৰশাসনে নতুনকৈ উত্থাপন কৰা এই বিলখন ১১১৬ পৃষ্ঠাৰ। বিলখনৰ অনুসৰি যিসকলে আমেৰিকাত এইচ-১বি আৰু গ্ৰীণ কাৰ্ড লৈ বাস কৰে তেওঁলোকে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হ’ব। যিসকল আমেৰিকাৰ নাগৰিক নহয়, কিন্তু কাম বা ব্যৱসায়ৰ বাবে আমেৰিকাত আছে, তেওঁলোক নতুন কৰ গাঁথনিৰ অধীনত পৰিব। 

বিধেয়কখনত প্ৰস্তাৱ কৰা হৈছে যে যিসকল আমেৰিকাৰ নাগৰিক নহয় আৰু আমেৰিকাত উপাৰ্জন কৰি নিজৰ দেশলৈ ধন প্ৰেৰণ কৰে তেওঁলোকে ইয়াৰ ওপৰত ৫ শতাংশ কৰ প্ৰদান কৰিব লাগিব। এই কৰ সন্দৰ্ভত কোনো ধৰণৰ ৰেহাইৰ সীমাৰ কথা উল্লেখ কৰা হোৱা নাই। 

 

ইলন মাস্ক ড'নাল্ড ট্ৰাম্প