'মাখি' চিনেমাৰ দৰেই ঘটনা সংঘটিত হ'ল যুক্তৰাষ্ট্ৰত

অগ্নি নিৰ্বাপক বাহিনীয়ে আহি মাখিৰ জাকটোক পানী ছতিয়াই খেদিবলৈ সক্ষম হয়

author-image
Asomiya Pratidin
New Update
'মাখি' চিনেমাৰ দৰেই ঘটনা সংঘটিত হ'ল যুক্তৰাষ্ট্ৰত

ডিজিটেল ডেস্কঃ দাক্ষিণাত্যৰ এখন কথাছবি। নাম 'মাখি'। যিয়েই এই ছবিখন উপভোগ কৰিছে সেইসকলে জানিব যে এটা মাখিয়ে এগৰাকী ব্যক্তিক কিদৰে অত্যাচাৰ কৰিব পাৰে।

Advertisment

কাহিনীৰ দাবীত অথবা চিনেমাৰ খাতিৰত সেয়া অতিৰঞ্জিতকৈ উপস্থাপন কৰিলেও এনে ঘটনা বাস্তৱিকতে সংঘটিত হৈছে। পিছে উক্ত ছবিখনত দেখুওৱাৰ দৰে এটা মাখিয়ে কোনো নিৰ্দিষ্ট এগৰাকীক অশান্তি দিয়া নাই।

অৱশ্যে উক্ত চিনেমাখনত দেখুৱাৰ দৰে সাধাৰণ মাখিয়ে আক্ৰমণ কৰা নাই কোনোলোকক। চিনেমাখনক আংশিকভাৱে চুই যোৱা বাস্তৱ ঘটনাটি হৈছে, মৌ-মাখিৰ আক্ৰমণ। প্ৰায় সহস্ৰাধিক মৌ-মাখিয়ে আমেৰিকাৰ এগৰাকী ৬০ৰ ঊৰ্দ্ধৰ ব্যক্তি আৰু তেওঁৰ পোহনীয়া কুকুৰটিক দংশন কৰে। জানিব পৰা অনুসৰি মৌ-মাখিৰ জাকটোৱে প্ৰায় ২৫০ বাৰতকৈয়ো অধিক দংশন কৰে বৃদ্ধগৰাকীৰ লগতে কুকুৰটিক।

এনে এক অস্বাভাৱিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা বৃদ্ধগৰাকীয়ে অশান্তিত ভোগাৰ লগতে বাহু, চকু, মুখ, কাণ, ভৰি আৰু পিঠিত সামান্য খুজুৱতিৰ লগতে বিষ অনুভৱ কৰে। আক্ৰমণৰ লগে লগে তেওঁ সেই ঠাইৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিছিল যদিও মৌ-মাখিৰ জাকটোৱে তেওঁৰ ফালে খেদি অহা বুলি উল্লেখ কৰে।

ঘটনাটিৰ পৰৱৰ্তী সময়ত অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে আহি মৌ-মাখিৰ জাকটোক পানী ছটিয়াই খেদিবলৈ সক্ষম হয়।

Also Read: ক্ৰিমিয়াত ড্ৰ'ণেৰে গুলীবৰ্ষণ

Bee attack