/asomiyapratidin/media/media_files/2025/05/21/dqY040z8LTT52LKclR73.jpg)
ডিজিটেল ডেস্কঃ ডুবাইস্থিত কেপিটেল গ’ল্ডেন টাৱাৰত থকা Gulf First Commercial Brokers নামৰ এখন ব্ৰোকাৰেজ প্ৰতিষ্ঠান নিশাটোৰ ভিতৰতে উধাও হোৱাৰ ফলত মূৰে-কপালে হাত দিছে বিনিয়োগকাৰীসকলে। ডুবাইৰ বিজনেছ ৱে’ত থকা এই প্ৰতিষ্ঠানটোৱে ৰেগুলেটেড নোহোৱা Sigma-One Capital নামৰ অনলাইন প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন প্ৰলোভন দি ধন সংগ্ৰহ কৰিছিল।
এই কাৰ্যালয়টোত মুঠ ৪০ জন কৰ্মচাৰী নিয়োজিত হৈ আছিল। তেওঁলোকে বৈদেশিক বিনিয়োগক প্ৰসাৰিত কৰিবলৈ ক্লায়েণ্টৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল। কাৰ্যালয়টো হঠাৎ এইদৰে খালী হৈ পৰাৰ সন্দৰ্ভত টাৱাৰটোৰ এগৰাকী কৰ্মচাৰীয়ে কয়, তেওঁলোকে কাৰ্যালয়ৰ চাবি ঘূৰাই দিছে। কাৰ্যালয়টো খালী কৰি খৰখেদাকৈ গুছি গৈছে। এতিয়া ইয়ালৈ দৈনিক মানুহ আহে আৰু আমান নানান প্ৰশ্ন কৰে।
জানিব পৰা মতে এই প্ৰতিষ্ঠানটোৰ সৈতে বহু ভাৰতীয়েও ধনৰ লেনদেন কৰিছিল। কেৰালা পৰা ডুবাইলৈ যোৱা প্ৰৱাসী ভাৰতীয় তথা দুই ভাতৃ মহম্মদ আৰু ফায়েজ পয়েল ইয়াত ৭৫ হাজাৰ ডলাৰ বিনিয়োগ কৰিছিল।
এই সন্দৰ্ভত ফয়েজ পয়েল নামৰ লোকজনে কাৰ্যালয়ত উপস্থিত হৈ কাকো নাপায় কয়, "মই কাৰ্যালয়টোলৈ আহিছিল। কিন্তু ইয়াত একো নাই, সম্পূৰ্ণ খালী। কোনো মানুহ নাই। আমি তেওঁলোকৰ প্ৰতিটো নম্বৰত ফোন কৰিলোঁ, কিন্তু কোনেও কোনো সঁহাৰি নিদিলে।"
জীৱনৰ সঞ্চিত ধন এই আঁচনিখনত বিনিয়োগ কৰা বুলি উল্লেখ কৰি আন এজন ভাৰতীয় বিনিয়োগকাৰী সঞ্জীৱে কয় যে, তেওঁলোকে তেওঁক নিৰাপদ লাভৰ নিশ্চয়তা দিছিল।৫০ হাজাৰ ডলাৰ লোকচান হোৱা মহম্মদ নামৰ আন এজন বিনিয়োগকাৰীয়ে কয় যে কৰ্মচাৰীসকলে গালফ ফাৰ্ষ্ট আৰু চিগমা-ৱান নাম ব্যৱহাৰ কৰি আমাক লুণ্ঠন কৰিলে।
ইফালে ডুবাই আৰক্ষীয়ে নিশ্চিত কৰিছে যে গালফ ফাৰ্ষ্ট কমাৰ্চিয়েল ব্ৰোকাৰ আৰু চিগমা-ৱান কেপিটেল দুয়োটাৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। কৰ্তৃপক্ষই আৰু কয় যে চিগমা-ৱান কেপিটেল ডুবাই বিত্তীয় সেৱা কৰ্তৃপক্ষ বা ছিকিউৰিটিজ এণ্ড ক’ম’ডিটিজ কৰ্তৃপক্ষৰ অনুজ্ঞাপত্ৰ নাই।
ডুবাই আৰক্ষীয়ে এই দৰে নিশ্চিত কৰিলেও অৱশ্যে এগৰাকী বিনিয়োগকাৰীয়ে আক্ষেপেৰে কয়, তেওঁলোকৰ প্ৰমাণপত্ৰ পূৰ্বেই পৰীক্ষা কৰিলে ভাল আছিল। এতিয়া আমাৰ হাত খালী, এই অফিচ আৰু খালী হৈ আছে বেংক একাউণ্ট।