খৰাঙৰ বাবে সংকট নামি আহিছে ৩.৬ মিলিয়ন আফ্ৰিকান শিশুৰ শিক্ষাত...

খৰাঙৰ বাবে সংকট নামি আহিছে ৩.৬ মিলিয়ন আফ্ৰিকান শিশুৰ শিক্ষাত...

 ডিজিটেল ডেস্ক : আফ্ৰিকা মহাদেশৰ খৰ্গ বুলি পৰিচিত পূবৰ জিবৌটি, এৰিট্ৰিয়া, ইথোপিয়া আৰু ছোমালিয়াত নামি আহিছে গভীৰ সংকট । অত্যাধিক খৰাঙৰ বাবে বাসস্থান এৰি প্ৰব্ৰজন কৰিবলৈ বাধ্য হোৱা লাখ লাখ পৰিয়ালৰ শিশুসকলে আনুষ্ঠানিক শিক্ষা আধাতেই সামৰিব লগীয়া হৈছে । ইয়াৰ লগে লগেই যেন আফ্ৰিকাৰ আন এটা প্ৰজন্ম কালৰ সোতত হেৰাই যাব শিক্ষাৰ অভাৱত ।

ইউনিছেফৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, আনুষ্ঠানিক শিক্ষা আধাতেই সামৰি প্ৰব্ৰজন কৰিবলৈ ওলোৱা শিশুৰ সংখ্যা কেৱল কেনিয়া, ইথোপিয়া আৰু ছোমালিয়াতেই প্ৰায় ৩.৬ মিলিয়ন । এই পৰিস্থিতি কিমান ভয়ংকৰ জানিবলৈ হ'লে কেৱল বিগত ৬টা মাহৰ তথ্যই যথেষ্ট । যোৱা ৬টা মাহ পূৰ্বে এই সংখ্যা আছিল ১.১ মিলিয়ন ।

বিগত ৪টা বছৰ বৰষুণৰ পৰিমাণ ক্ৰমে হ্ৰাস হৈ গৈ থকাৰ ফলত এনে ভয়ংকৰ পৰিস্থিতিৰ সৈতে যুজিব লগীয়া হৈছে আফ্ৰিকান দেশ কেইখনে । ইয়াৰ ফলস্বৰূপে কেৱল শিক্ষাই নহয় বৰং পুষ্টিকৰ খাদ্যৰ অভাৱত মৃত্যুক সাৱটি লৈছে বহু হেজাৰ শিশুই ।

এই সন্দৰ্ভত পূব আৰু দক্ষিণ আফ্ৰিকাৰ ইউনিছেফৰ শিক্ষা উপদেষ্টা অভিযান জং ৰাণাৰ মন্তব্য অনুসৰি, আফ্ৰিকাৰ খৰ্গ খ্যাত অঞ্চলত ইতিমধ্যেই প্ৰায় ১৫ মিলিয়ন শিশু বঞ্চিত হৈ আছে আনুষ্ঠানিক শিক্ষাৰ পৰা । এতিয়া খৰাঙৰ বাবে আন ৩.৬ মিলিয়ন শিশুৱে বিদ্যালয় এৰিব ওলোৱাৰ ফলত সচাকৈয়ে সৃষ্টি কৰিব পাৰে এটা হেৰাই যোৱা প্ৰজন্মৰ ।

আনহাতে, ছোমালিয়াৰ বহু শিক্ষাবিদৰ মতে, এই শিশুসকলৰ বেছি শতাংশই ছোৱালী । আফ্ৰিকান মূলৰ লোকসকলৰ বিশেষকৈ কিশোৰী-মহিলা সকলৰ ক্ষেত্ৰত শিক্ষাই এক গুৰুত্বপূৰ্ণ স্থানত অৱস্থান কৰে । শিক্ষাই পৰৱৰ্তী সময়ত এই কিশোৰী-মহিলাসকলৰ শাৰীৰিক, জ্ঞানভিত্তিক আৰু মানসিক ঢাল হৈ থিয় হয় বহিৰ্বিশ্বৰ সন্মুখত । হেৰাই যাবলৈ ওলোৱা শিক্ষাৰ সৈতেই কিশোৰী-মহিলাসকলে হেৰুৱাই পেলাব তেওঁলোকৰ অধিকাৰ সমূহ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in