ভাৰতৰ বিৰুদ্ধে যুদ্ধ নকৰিবলৈ পাকিস্তানক সকিয়ালে আমেৰিকাই...

পাকিস্তানে ভাৰতক প্ৰত্যাঘাত কৰিলেই যুদ্ধ নিশ্চিত বুলি সকিয়াই আমেৰিকাৰ বিদেশ সচিবে পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ ফোন কৰি যুদ্ধৰ পৰিস্থিতিলৈ নাযাবলৈ সকিয়নি প্ৰদান কৰিছে।

author-image
Tushar Pratim
New Update
ভাৰতৰ বিৰুদ্ধে যুদ্ধ নকৰিবলৈ পাকিস্তানক সকিয়ালে আমেৰিকাই...

ডিজিটেল ডেস্কঃ ‘প্ৰত্যাঘাতৰ কথা ভুলতো নাভাবিব’- এইদৰেই পাকিস্তানক সতৰ্ক কৰিলে আমেৰিকাই। অপাৰেচন সিন্দুৰ জৰিয়তে ভাৰতীয় সেনাই পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ লগতে পাকিস্তানৰ ভূ-খণ্ডত প্ৰবেশ কৰি ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাই। 

Advertisment

প্ৰাৰম্ভিকতে ড’নাল্ড ট্ৰাম্পে ভাৰতৰ অপাৰেচন সিন্দুৰক চৰম লজ্জাজনক আখ্যা দি দুয়োপক্ষকে যুদ্ধ নকৰিবলৈ আহ্বান জনাইছিল। তাৰ পাছতেই পাকিস্তানক টেলিফোনৰ জৰিয়তে ভুলতো ভাৰতৰ বিৰুদ্ধে প্ৰত্যাঘাতৰ কথা চিন্তা নকৰিবলৈ সকিয়াই দিছে। 

পাকিস্তানে ভাৰতক প্ৰত্যাঘাত কৰিলেই যুদ্ধ নিশ্চিত বুলি সকিয়াই আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফলৈ ফোন কৰি যুদ্ধৰ পৰিস্থিতিলৈ নাযাবলৈ সকিয়নি প্ৰদান কৰিছে। হোৱাইট হাউচৰ পৰা প্ৰকাশিত এক চৰকাৰী সূত্ৰত জনাইছে মাৰ্কিন বিদেশ সচিবগৰাকীয়ে স্পষ্টকৈ পাকিস্তানক জনাই দিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে ভাৰতৰ। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে অপাৰেচন সিন্দুৰৰ সন্দৰ্ভত তেওঁৰ প্ৰতক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁ কয়, এয়া চৰম লাজৰ কথা। আমি শুনিছো তেওঁলোকে বহুদিনৰ পৰা যুঁজি আছে। মই মাত্ৰ আশা কৰিছো ইয়াৰ অন্ত অতি সোনকালে হ’ব। উল্লেখ্য যে পেহেলগাম আক্ৰমণৰ পাছতে ভাৰতে এক সুপৰিকল্পিত ভাৱে আৰম্ভ কৰিছে অপাৰেচন সিন্দুৰ। 

ট্ৰাম্পে ভাৰত আৰু পাকিস্তান দুয়োখন দেশকে যুদ্ধৰ পৰা পিছুৱাই যাবলৈ কৈ সংঘাতৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। অপাৰেচন সিন্দুৰৰ প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, দুয়োখন দেশৰ মাজৰ সংঘাতৰ ইতিহাস অতি দীঘলীয়া। যি দশক দশক ধৰি চলি আছে। তেওঁ এই পৰিস্থিতিৰ সোনকালে অন্ত পৰাটো বিচাৰিছে।  

এই আক্ৰমণৰ পূৰ্বে ট্ৰাম্পে ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ সন্দৰ্ভত কৈছিল ভাৰত আমাৰ অতি ঘনিষ্ঠ। পাকিস্তানৰ প্ৰতিও তেওঁৰ মৰম আছে বুলি কৈ ট্ৰাম্পে কৈছিল পাকিস্তানো মোৰ অতি ঘনিষ্ঠ।

 

পাকিস্তান আমেৰিকা অপাৰেচন সিন্দুৰ পেহেলগাম