ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানলৈ এতিয়াও নিমন্ত্ৰিত অহা নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ। বিশ্বগুৰু হ’বলৈ যোৱা মোডীক এই শপতগ্ৰহণ অনুষ্ঠানলৈ এই পৰ্যন্ত নিমন্ত্ৰণ নকৰাত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
কিয়নো ইতিমধ্যে যিসকল নেতাক এই শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে সেই তালিকা প্ৰকাশ পাইছে। এই তালিকাত আছে চুবুৰী চীনৰ ৰাষ্ট্ৰপতি চি জিনিপিঙো।
মন কৰিবলগীয়া যে, দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠান আছে ২০ জানুৱাৰীত, ৱাশ্বিংটন ডিচিত। এই শপতগ্ৰহণ অনুষ্ঠানত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানসকল উপস্থিত থাকিব।
আমন্ত্ৰিতসকলৰ ভিতৰত আছে চীন, আৰ্জণ্টিনা, ইটালী, হাঙ্গেৰীৰ দৰে দেশো। এইসমূহ দেশৰ নেতৃত্বক গুৰুত্বসহকাৰে শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ দিয়াৰ বিপৰীতে ট্ৰাম্পক বন্ধু আখ্যা দিয়া নৰেন্দ্ৰ মোডীলৈ এই পৰ্যন্ত অহা নাই নিমন্ত্ৰণী পত্ৰ।
জানিব পৰা মতে ট্ৰাম্পে নৰেন্দ্ৰ মোডীক শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰী পত্ৰ প্ৰেৰণ নকৰাৰ আঁৰত আছে এক বিশেষ কাৰণ। আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এক বৈঠকত অংশগ্ৰহণ কৰিবলৈ নিউয়ৰ্ক ভ্ৰমণ কৰিছিল।
সেই সময়ত ট্ৰাম্পে মোডীৰ সৈতে এক বৈঠকত বহাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।
এইসকল ৰাষ্ট্ৰনেতাই ট্ৰাম্পৰ সৈতে বৈঠকত বহাৰ লগতে তেওঁলৈ মুকলিকৈ সমৰ্থন জনাইছিল। ফলত এইসমূহ দেশৰ বংশোদ্ভৱসকলে নিৰ্বাচনত ট্ৰাম্পলৈ সমৰ্থন জনাইছিল।
মোডীৰ সৈতেও ট্ৰাম্পে এক মুকলি বৈঠকত বহি নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় বংশোদ্ভৱ আমেৰিকানসকললৈ এক শক্তিশালী বাৰ্তা দিবলৈ বিচাৰিছিল। মোডীৰ সমৰ্থন আদায়ৰ চেষ্টা কৰিছিল ট্ৰাম্পে।
কিন্তু মোডীৰ সৈতে তেওঁৰ সেই বৈঠক নহ’ল। তাৰোপৰি মোডীয়ে বন্ধু আখ্যা দিলেও মুকলিকৈ তেওঁৰ প্ৰতি সমৰ্থনো প্ৰকাশ নকৰিলে।
অৱশ্যে নতুন দিল্লীৰ এক সূত্ৰই দাবী কৰা মতে ভাৰতে আমেৰিকাৰ ডেমক্ৰেটিক আৰু ৰিপাব্লিকান দুয়োটা পাৰ্টীৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। সেয়ে কোনো এটা দলৰ প্ৰাৰ্থীলৈ মুকলি সমৰ্থন আগবঢ়োৱা নাছিল।
কিন্তু মোডী আৰু ট্ৰাম্পে ব্যক্তিভাৱে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি দাবী কৰিছে এই সূত্ৰই। তেওঁলোকৰ মতে এয়া হৈছে মোডীৰ এক কূটনৈতিক কৌশল।
তেওঁলোকৰ মতে ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ প্ৰধানন্ত্ৰীয়ে অংশগ্ৰহণ নকৰিলে দুয়ো দেশৰ কূটনৈতিক সম্পৰ্কত কোনো ব্যাঘাত নজন্মে। অৱশ্যে সুব্ৰমণিয়ম স্বামীৰ দৰে জ্যেষ্ঠ বিজেপি নেতাই ট্ৰাম্পে মোডীক গুৰুত্বহীন কৰাৰ হে অভিযোগ উত্থাপন কৰিছে।
তেওঁ আনকি বৈদেশীক মন্ত্ৰী এছ জয়শংকৰক মোডীয়ে আমেৰিকালৈ প্ৰেৰণ কৰি ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে তেওঁৰ নিমন্ত্ৰণী পত্ৰ যোগাৰ কৰিবলৈয়ো কোৱা বুলিও এক্সত পৰোক্ষভাৱে উল্লেখ কৰিছিল। সমান্তৰালকৈ বিৰোধীয়ে এই বিষয়টোক লৈ কটাক্ষ আৰম্ভ কৰিছে।