হঠাৎ সলনি হৈছে সকলোঃ ট্ৰাম্পে একনায়কত্ববাদী আখ্যা দিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক...

একালৰ মিত্ৰই এতিয়া আচৰণ কৰিছে শত্ৰুৰ দৰে! আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক একনায়কত্বদাবী বুলি অভিহিত কৰিছে।

author-image
Asomiya Pratidin
New Update
হঠাৎ সলনি হৈছে সকলোঃ ট্ৰাম্পে একনায়কত্ববাদী আখ্যা দিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক...

ডিজিটেল ডেস্কঃ হঠাৎ সলনি হৈছে সকলোবোৰ। একালৰ মিত্ৰই এতিয়া আচৰণ কৰিছে শত্ৰুৰ দৰে! শুনাইছে কটু কথা।আনকি পদত্যাগৰ বাবেও দিছে হেঁচা। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্প নিৰ্বাচিত হোৱাৰ পাছতেই আশা নকৰা কিছুমান ঘটনাই সংঘটিত হৈছে ইউৰোপত।

Advertisment

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভডিমিৰ জেলেনস্কিক একনায়কত্বদাবী বুলি অভিহিত কৰিছে। আনকি তেওঁ এইবুলিও জেলেনস্কিক সতৰ্কবাণী শুনাইছে যে, যদিহে জেলনস্কিয়ে পদত্যাগ নকৰে তেন্তে তেওঁ কোনো দেশতে স্থান লাভ নকৰিব।

উল্লেখ্য যে, ছৌদি আৰৱত অনুষ্ঠিত হৈছিল ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতিৰ বাবে আমেৰিকা আৰু ৰাছিয়াৰ মাজত আলোচনা। শান্তি স্থাপনৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰা আমেৰিকাক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে মুকিলৈ সমালোচনা কৰিছে। তেওঁ কয়, ৰাছিয়াই দিয়া ভুৱা তথ্যৰ মাজত আছে। জেলেনস্কিৰ এনে মন্তব্যৰ পাছতে ট্ৰাম্পে তেওঁক উভতি ধৰিছে।

বুধবাৰে ট্ৰাম্পে তেওঁৰ সামাজিক মাধ্যমত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক লক্ষ্য কৰি লিখিছে এইদৰে, তেওঁ নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই।তেওঁ এটা কামতে ভাল আছিল। সেয়া হল ভায়লিনৰ দৰে জো বাইডেনক বজোৱা। নিৰ্বাচন অবিহনে ক্ষমতাত থকা জেলেনস্কি একনায়কত্ববাদী। তেওঁ আঁতৰি যোৱাই ভাল। নতুবা তেওঁৰ যাবলৈ কোনো দেশ নাথাকিব।

উল্লেখ্য যে, ২০১৯ ত নিৰ্বাচনত জয়ী হৈ জেলেনস্কি ইউক্ৰেইনৰ ক্ষমতালৈ আহিছিল। ২০২৪ চনত তেওঁৰ পাঁচবছৰীয়া কাৰ্যকাল অন্ত পৰিছে। কিন্তু ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ বাবে ইউক্ৰেইনত সামৰিক আইন জাৰি কৰা হৈছে। এই আইন জাৰি কৰাৰ বাবেই ইউক্ৰেইনত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ হৈ থকা নাই।  

সেয়েহে জেলেনস্কিয়েই এতিয়াও দেশখনৰ ৰাষ্ট্ৰপতি হৈ আছে। ইউক্ৰেইনৰ এক সমীক্ষা সংস্থা অনুসৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ জনপ্ৰিয়তা পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ পিছতো তেওঁৰ জনপ্ৰিয়তা ৫০ শতাংশৰ তললৈ নমা নাই।

 

ইউক্ৰেইন আমেৰিকা ৰাছিয়া