/asomiyapratidin/media/media_files/2025/03/31/lxhluXbd7kerAcmAoeqR.jpg)
ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণৰ এটা বছৰ সম্পূৰ্ণ হোৱাই নাই, অথচ তৃতীয়বাৰৰ বাবেও আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পৰিকল্পনা আৰম্ভ কৰিছে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাত এজন ব্যক্তি মাত্ৰ দুবাৰহে ৰাষ্ট্ৰপতিৰ পদত অধিস্থিত হোৱাৰ নিয়ম আছে যদিও সংবিধান আৰু আইনৰ সুৰুঙাৰে ট্ৰাম্পে তৃতীয়বাৰৰ বাবেও ৰাষ্ট্ৰপতি হোৱাৰ বাবে কৌশল ৰচনা কৰিছে।
ট্ৰাম্পৰ তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ ইচ্ছা তেওঁ নিজেই প্ৰকাশ কৰিছে। ট্ৰাম্পে প্ৰকাশ কৰিছে সৰ্বাধিক ৮ বছৰৰো অধিক সময় হোৱাইট হাউচৰ বাসিন্দা হৈ থকাৰ উপায় আছে। ট্ৰাম্পে সেই উপায় কি ব্যাখ্যা কৰা নাই যদিও এই সন্দৰ্ভত আমেৰিকাৰ সংবিধান আৰু আইনে কি কয় সেই বিষয়ে বিভিন্নজনে বিশ্লেষণ দাঙি ধৰিছে।
একাংশৰ মতে আমেৰিকাৰ সংবিধানে ট্ৰাম্পক তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাত বাধা দিব, কিন্তু আন একাংশৰ মতে সংবিধানত থকা সুৰুঙাৰ বাবেই তেওঁৰ তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ ইচ্ছা পূৰণ হ'ব। উল্লেখ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যুদ্ধ পৰিস্থিতিৰ মাজত নজিৰবিহীনভাৱে চাৰি বাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল ফ্ৰাংকলিং ৰুজভেল্ট।
তাৰ পাছত ১৯৫১ চনত আমেৰিকাৰ সংবিধানৰ ২২ সংখ্যক সংশোধনীৰ জৰিয়তে কোনো এজন ব্যক্তিক দুটা কাৰ্যকালতকৈ অধিক সময় ৰাষ্ট্ৰপতি হোৱাৰ সুযোগক বাধা প্ৰদান কৰা হয়। অৰ্থাৎ এজন ব্যক্তি দুটা কাৰ্যকালৰ বাবেহে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰিব।
সেই হিচাপত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ৰ্ৰপতি হোৱা ড'নাল্ড ট্ৰাম্পৰ এয়াই ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ অন্তিম কাৰ্যকাল।উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ইতিহাসত মাত্ৰ ৯ জন এনে ৰাষ্ট্ৰপতি আছে যি বিনা নিৰ্বাচনে ৰাষ্ট্ৰপতি পদত অধিস্থিত হৈছিল।
ৰাষ্ট্ৰপতিৰ মৃত্যু, অসুস্থতা আদিৰ কাৰণত এই ৯ জন ব্যক্তি নিৰ্বাচন অবিহনে ৰাষ্ট্ৰপতি হৈছিল। ২২ সংখ্যক সংবিধান সংশোধনৰ জৰিয়তে কোনো ব্যক্তিক তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাত বাধা দিয়া হৈছে যজিও তেওঁ উপ-ৰাষ্ট্ৰপতি হ'ব পাৰিব নে নাই সেই বিষয়ে কোনো স্পষ্ট কথা উল্লেখ নাই।
সেয়ে বহুতেই ধাৰণা কৰিছে ২০২৮ ত ড'নাল্ড ট্ৰাম্প উপ-ৰাষ্ট্ৰপতি হিচাপে পুনৰ হোৱাইট হাউচত প্ৰৱেশ কৰিব আৰু তাৰ পাছত হয়তো ৰাষ্ট্ৰপতিও হ'ব। বৰ্তমান আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভান্স। ২০২৮ ত তেওঁ ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। ধাৰণা কৰা হৈছে জেডি ভান্স ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হলেও পাছত তেওঁ এই পদৰ পৰা পদত্যাগ কৰি ট্ৰাম্পক পুনৰ ৰাষ্ট্ৰপতিৰ পদ আগবঢ়াই দিব।
দেওবাৰে এক সাক্ষাৎকাৰৰ সময়ত এনে এক অংকৰ কথা শুনি ট্ৰাম্পে প্ৰশংসা কৰিছিল। অৱশ্যে তেওঁ তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ ক্ষেত্ৰত আৰু উপায় আছে বুলিও উল্লেখ কৰিছে।
কিন্তু এই গোটেই প্ৰক্ৰিয়া নিৰ্বাধিৰত হ'ব ন্যায়লয়ত। এই প্ৰক্ৰিয়া সঁচাকৈয়ে ট্ৰাম্পৰ বাবে ফলপ্ৰসূ হ'ব নে নাই সেয়া স্পষ্ট নহয়। কিন্তু আইন আৰু সাংবিধানিক সুৰুঙাক যে ট্ৰাম্পে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিবলৈ সাজু হৈছে সেয়া স্পষ্ট হৈছে।
স্মৰ্তব্য, যোৱা জানুৱাৰী মাহত ট্ৰাম্পে আমেৰিকাৰ জনতাক উদ্দেশ্যি প্ৰশ্ন কৰিছি, তেওঁ পুনৰ ৰাষ্ট্ৰপতি হোৱাৰ বাবে প্ৰতিদ্বন্দিতা কৰিব পাৰিব নে নাই? মাৰ্চ মাহৰ প্ৰথম ভাগতো তেওঁ মাৰ্কিন প্ৰশাসনৰ প্ৰথমশাৰীৰ বিষয়াসকলৰ সৈতেও এই বিষয়ে আলোচনা কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us