/asomiyapratidin/media/media_files/2025/01/16/cpPLZzeBx6DuMY1pbnke.jpg)
ডিজিটেল ডেস্কঃ গাজাত যুদ্ধ বিৰতি নহ’লে সমগ্ৰ মধ্য প্ৰাচ্যক 'নৰক'লৈ ৰূপান্তৰ কৰা হ'ব। আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা ড'নাল্ড ট্ৰাম্পে দিয়া এই ভাবুকিৰ পাছতেই যেন অন্ত হোৱাৰ দিশে আগবাঢ়িছে এখন দীঘলীয়া যুদ্ধৰ।
প্ৰায় ডেৰ বছৰ ধৰি চলি আছে হামাছ আৰু ইজৰাইলৰ যুদ্ধ। এই যুদ্ধই সৃষ্টি কৰা ধ্বংসযজ্ঞত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৪৬ হাজাৰ লোকে। ঘৰ হেৰুৱাইছে লাখ লাখ নাগৰিকে।
এনে এখন ভয়াৱহ যুদ্ধ শেষ হোৱাটোৱেই সকলোৰে কাম্য। প্ৰায় ডেৰ বছৰৰ অন্তত মধ্যপ্ৰাচ্যলৈ ঘূৰি আহিবলৈ ধৰিছে শান্তি। এই দীঘলীয়া যুদ্ধত লিপ্ত হোৱা হামাছ আৰু ইজৰাইলে শান্তি চুক্তিৰ বাবে ঐক্যমতত উপনীত হৈছে।
ইয়াৰ পাছতেই এতিয়া আৰম্ভ হৈছে কৃতিত্ব দাবীদাৰৰ আন এখন প্ৰতিযোগিতা। বন্দীৰ মুক্তিৰ বিনিময়ত গাজাৰ শান্তি চুক্তিৰ কৃতিত্বৰ দাবী কৰিছে ডনাল্ড ট্ৰাম্পে। তেওঁৰ দাবী ঐতিহাসিক যুদ্ধ বিৰতি সম্ভৱ হৈছে যোৱা নৱেম্বৰত আমেৰিকাত তেওঁৰ নেতৃত্বত পুনৰ ক্ষমতালৈকে ৰিপাব্লিকান পাৰ্টি অহাৰ বাবে।
ইজৰাইল-হামাস যুদ্ধবিৰতিৰ পিছত, ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ'চিয়েল নেটৱৰ্কৰ পৰা ৰাষ্ট্ৰক সম্বোধন কৰে। তেওঁ ৰাষ্ট্ৰক সম্বোধন কৰি কয়, "মধ্যপ্ৰাচ্যৰ বন্দীসকলৰ বাবে আমাৰ চুক্তি আছে। তেওঁলোকক সোনকালেই মুকলি কৰি দিয়া হ'ব।‘’
বাইডেনে এতিয়ালৈকে হোৱাইট হাউচৰ পৰা এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰা নাই। আন এটা সামাজিক পোষ্টৰ জৰিয়তে, ট্ৰাম্পে যুদ্ধবিৰতিৰ কৃতিত্ব দাবী কৰিছে। নৱেম্বৰত ঐতিহাসিক বিজয়ৰ ফলস্বৰূপে মহাকাব্যিক যুদ্ধবিৰতি চুক্তি ৰূপায়ণ কৰা হৈছে। ট্ৰাম্পে কয় যে, তেওঁৰ প্ৰশাসনে শান্তি আৰু আলোচনাৰ জৰিয়তে সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে।
যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায়ত হামাছে বন্দী হৈ থকা ১০০ জন বন্দীৰ ভিতৰত ৩৩ জনক মুকলি কৰি দিছে। মধ্যপ্ৰাচ্যত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ট্ৰাম্পৰ ঘনিষ্ঠ বন্ধু ষ্টিভ ৱিটকফে শান্তি চুক্তিত মুখ্য ভূমিকা পালন কৰিছে। বাইডেন প্ৰশাসনৰ বিষয়াসকলেও তেওঁৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিছে।
এক সামাজিক মাধ্যমৰ বাৰ্তাত ট্ৰাম্পে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰাইলৰ সৈতে একেলগে কাম কৰিব যাতে, ভৱিষ্যতে গাজা সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থল নহয়। আন্তৰ্জাতিক বিশেষজ্ঞসকলে দাবী কৰিছে যে ট্ৰাম্পৰ কঠোৰ ভাবুকিৰ বাবেই হামাস-ইজৰাইলে যুদ্ধবিৰতি চুক্তি সম্পন্ন কৰিছে। তেওঁ সতৰ্ক কৰি দিছিল যে যদি গাজাত যুদ্ধবিৰতি নহয়, মধ্য প্ৰাচ্যক আমি নৰকলৈ ৰূপান্তৰ কৰিম। সেয়ে এতিয়া বিশেষজ্ঞই দাবী কৰিছে আন এখন নতুন যুদ্ধৰ ভয়তে চলি থকা এখন যুদ্ধ বন্ধ হ'ল!
উল্লেখ্য যে, ২০২৩ ৰ ৭ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধ। এই যুদ্ধ অন্ত পেলাবলৈ কাটাৰ, চৌদি আৰৱৰ দৰে দেশসমূহে মধ্যস্থতা কৰি আহিছিল যদিও যুদ্ধৰ অৱসান হোৱা নাছিল। যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ গাজাৰ যুদ্ধত ইজৰাইলৰ পক্ষত আছিল তথাপিও দেশখনে নিয়মীয়াকৈ যুদ্ধবিৰতি বৈঠকত অংশ গ্ৰহণ কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, হামাস আৰু ইজৰাইলৰ প্ৰতিনিধিসকলে ইজিপ্তৰ কায়ৰোত আলোচনা কৰিছিল। দুয়োপক্ষৰ মাজত হোৱা বৈঠকো ইতিবাচক আছিল।