/asomiyapratidin/media/media_files/2025/05/07/qpdDtrbHtwMtPMMZAT15.jpg)
ডিজিটেল ডেস্কঃ পাক অধিকৃত জম্মু আৰু কাশ্মীৰত ভাৰতে মুঠ ৯ টাকৈ স্থানত মিছাইল আক্ৰমণ কৰি লস্কৰ-ই-তৈবা আৰু জৈইছ-ই-মহম্মদৰ ঘাটি ধ্বংস কৰাৰ পাছতে আহিছে আমেৰিকাৰ প্ৰতিক্ৰিয়া। আমেৰিকাৰ ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মিত্ৰ ড’নাল্ড ট্ৰাম্পে ভাৰতৰ এই আক্ৰমণ তথা অপাৰেচন সিন্দুৰ অভিযানক লাজৰ কথা বুলিহে উল্লখে কৰিছে।
ট্ৰাম্পে ইয়াৰ প্ৰত্যুত্তৰত কয়, এয়া চৰম লাজৰ কথা। আমি শুনিছো তেওঁলোকে বহুদিনৰ পৰা যুঁজি আছে। মই মাত্ৰ আশা কৰিছো ইয়াৰ অন্ত অতি সোনকালে হ’ব। উল্লেখ্য যে পেহেলগাম আক্ৰমণৰ পাছতে ভাৰতে এক সুপৰিকল্পিত ভাৱে আৰম্ভ কৰিছে অপাৰেচন সিন্দুৰ।
এই অভিযানৰ জৰিয়তেই ৭ মে’ৰ মাজ নিশা প্ৰায় ডেৰ বজাত পাক অধিকৃত কাশ্মীৰৰ মুঠ ৯ টা স্থানত ২৪ টাকৈ মিছাইল আক্ৰমণ কৰি ৩০ টাকৈ সন্ত্ৰাসবাদী নিধন কৰিছে। অৱশ্যে পাকিস্তানে ৬ টা স্থানত আক্ৰমণ কৰি সাধাৰণ নাগৰিকক হত্যাৰ অভিযোগ কৰিছে।
এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপেই ট্ৰাম্পে ইয়াৰ লাজৰ কথা বুলি অভিহিত কৰিছে। তেওঁ ভাৰত আৰু পাকিস্তান দুয়োখন দেশকে যুদ্ধৰ পৰা পিছুৱাই যাবলৈ কৈ সংঘাতৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে।
অপাৰেচন সিন্দুৰৰ প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, দুয়োখন দেশৰ মাজৰ সংঘাতৰ ইতিহাস অতি দীঘলীয়া। যি দশক দশক ধৰি চলি আছে। তেওঁ এই পৰিস্থিতিৰ সোনকালে অন্ত পৰাটো বিচাৰিছে।
এই আক্ৰমণৰ পূৰ্বে ট্ৰাম্পে ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ সন্দৰ্ভত কৈছিল ভাৰত আমাৰ অতি ঘনিষ্ঠ। পাকিস্তানৰ প্ৰতিও তেওঁৰ মৰম আছে বুলি কৈ ট্ৰাম্পে কৈছিল পাকিস্তানো মোৰ অতি ঘনিষ্ঠ।
ইফালে ভাৰতীয় দূতাবাসৰ এক প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ পাইছে যে, “কোনো পাকিস্তানী অসামৰিক, অৰ্থনৈতিক বা সামৰিক লক্ষ্যত আঘাত কৰা হোৱা নাই। এই আক্ৰমণৰ জৰিয়তে কেৱল সন্ত্ৰাসবাদী শিবিৰকহে লক্ষ্য কৰি লোৱা হৈছিল।”