Advertisment

ট্ৰাম্পৰ ১০০ এক্সিকিউটিভ অৰ্ডাৰঃ বিশ্বজুৰি আলোড়ন, ভাৰতলৈয়ো বিশেষ বাৰ্তা....

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিল ড'নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ আগমণে কেৱল আমেৰিকালৈয়ে নহয়, বিশ্ব ৰাজনীতিলৈয়ো যে বহু পৰিবৰ্তন আনিব সেয়া ইতিমধ্যে স্পষ্ট হৈছে।

author-image
Asomiya Pratidin
New Update
ট্ৰাম্পেৰ ১০০ এক্সিকিউটিভ অৰ্ডাৰঃ বিশ্বজুৰি আলোড়ন, ভাৰতলৈয়ো বিশেষ বাৰ্তা....

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিল ড'নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ আগমণে কেৱল আমেৰিকালৈয়ে নহয়, বিশ্ব ৰাজনীতিলৈয়ো যে বহু পৰিবৰ্তন আনিব সেয়া ইতিমধ্যে স্পষ্ট হৈছে।

Advertisment

ইতিমধ্যে ট্ৰাম্পে ১০০ ৰো অধিক এক্সিকিউটিভ অৰ্ডাৰত স্বাক্ষৰ কৰাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। ফলত জো বাইডেন প্ৰশাসনৰ বহু কেইটা নীতিলৈ পৰিবৰ্তন অনাৰো সম্ভাৱনা গাঢ় হৈ পৰিছে। ট্ৰাম্পৰ এই পৰিকল্পনাই কেৱল আমেৰিকাতেই নহয় বিশ্বজুৰি আলোড়ণৰ সৃষ্টি কৰিছে।

কি এই এক্সিকিউটিভ অৰ্ডাৰ?

ডনাল্ড ট্ৰাম্পে ইতিমধ্যে জনাইছে যে, ৰাষ্ট্ৰপতি পদ ঘূৰাই পোৱাৰ পাছত তেওঁ এক্সিকিউটিভ অৰ্ডাৰ জাৰি কৰিব। যিসমূহ আইন হিচাপে কাৰ্যকৰী হ’ব। এই আদেশসমূহৰ বাবে কংগ্ৰেছৰ অনুমতিৰ প্ৰয়োজন নহয়। 
সেয়ে এই এক্সিকিউটিভ অৰ্ডাৰসমূহক আমেৰিকাৰ ব্ৰহ্মাস্ত্ৰ বুলিও কোৱা হৈছে। ট্ৰাম্পৰ পৰিকল্পনা অনুসৰি শপত গ্ৰহণৰ পাছতেই তেওঁ ১০০ টাৰো অধিক এক্সিকিউটিভ অৰ্ডাৰ স্বাক্ষৰ কৰিব। যাৰ লক্ষ্য হৈছে আমেৰিকাৰ আভ্যন্তৰীণ নীতি আৰু বৈদেশিক নীতি, সম্পৰ্ক পুনৰ গঠন।

ভাৰত আৰু চীনলৈয়ে বিশেষ বাৰ্তা

ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছতে ইতিমধ্যে ভাৰতে লাভ কৰিছে গুৰুত্বপূৰ্ণ বাৰ্তা। দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পাছতে ভাৰতৰ প্ৰতি ডনাল্ড ট্ৰাম্পৰ মনোভাৱ সলনি হোৱাৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে।

ট্ৰাম্পে ভাৰতৰ বিপৰীতে এইবাৰ চীনক অধিক গুৰুত্ব দিছে। আনকি তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানত সৰ্বাধিক প্ৰাধান্য দিছে চীনৰ ৰাষ্ট্ৰপতিক। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বন্ধু আখ্যা দিয়া ট্ৰাম্পে মোডীক এই শপতগ্ৰহণ অনুষ্ঠানলৈয়ো নিমন্ত্ৰণ নজনালে।

তেওঁৰ পৰিবৰ্তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ সাধাৰণ নিমন্ত্ৰণী পত্ৰ আহিল যদিও উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীকহে অধিক গুৰুত্ব দিলে।

মন কৰিবলগীয়া যে ট্ৰাম্পে শপত গ্ৰহণৰ পাছতে চীন ভ্ৰমণ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমক খবৰ অনুসৰি ট্ৰাম্পৰ এই ভ্ৰমণৰ উদ্দেশ্য হ’ব চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে সম্পৰ্ক উন্নত কৰা আৰু কৌশলগত, অৰ্থনৈতিক সম্পৰ্ককো নতুন গতি দিয়া। 

বিশ্ব ৰাজনীতিত পৰিবৰ্তনৰ সম্ভাৱনা

ডনাল্ড ট্ৰাম্পৰ নেতৃত্বত আমেৰিকা আগন্তক সময়ত অধিক আগ্ৰাসী হৈ পৰাৰ সম্ভাৱনা আছে। দেশখনে বৈদেশিক নীতিৰ ক্ষেত্ৰত আগন্তত সময়ত আগ্ৰাসী হোৱাৰ সম্ভাৱনা আছে। ট্ৰাম্পে ঘোষণা কৰা নীতিসমূহে কেৱল আমেৰিকাৰ আভ্যন্তৰীণ ৰাজনীতিতে নহয়, বিশ্ব ৰাজনীতিত বহু পৰিবৰ্তন আনিব। এনে পৰিস্থিতিত অৱশ্যে বিষয়টোক লৈ ইউৰোপ, মধ্যপ্ৰাচ্য, এছিয়াৰ দেশসমূহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে।

ভাৰতৰ ওপৰত সাম্ভাৱ্য প্ৰভাৱ   

ভাৰত আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মাজত বাণিজ্য, প্ৰতিৰক্ষা আৰু কৌশলগত অংশীদাৰিত্ব পূৰ্বৰ পৰা শক্তিশালী হৈ আহিছে। ভাৰতৰ অস্ত্ৰৰ বজাৰখনৰ বৃহৎ ক্ৰেতা আমেৰিকা যুক্তৰাষ্ট্ৰ। ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত এই সম্পৰ্ক কিমান দৃঢ় হয় সেয়া এতিয়াই ক’ব নোৱাৰি যদিও অৱনতি যে নহয় সেয়া স্পষ্ট।

ট্ৰাম্পে চীনৰ সৈতে সম্পক্ক উন্নত কৰাৰ বাবে কৌশলগত স্থিতি লৈছে যদিও এই ৰঙা চীনৰ বাবেই  ভাৰতক সহযোতিগা আগবঢ়াই যোৱাতো নিশ্চিত। ভাৰত আৰু চীনৰ ক্ষেত্ৰত ট্ৰাম্পৰ এনে কৌশলগত স্থিতিয়ে ভাৰতক অধিক সুযোগ দিয়াৰ সম্ভাৱনা আছে। 

 

নৰেন্দ্ৰ মোডী আমেৰিকা ড'নাল্ড ট্ৰাম্প