বাছত বহিও কৰিব নোৱাৰিলে যাত্ৰা, পুনৰ হোষ্টেলত সোমাই পৰিল ৭০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী

বাছত বহিও কৰিব নোৱাৰিলে যাত্ৰা, পুনৰ হোষ্টেলত সোমাই পৰিল ৭০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী

author-image
asomiyapratidin
New Update
বাছত বহিও কৰিব নোৱাৰিলে যাত্ৰা, পুনৰ হোষ্টেলত সোমাই পৰিল ৭০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী

ডিজিটেল ডেস্ক: যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ চুমী চহৰত আবদ্ধ হৈ থকা অসমৰ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি ৭০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰত ব্যৰ্থ হয়। ভাৰতীয় দূতবাসৰ তৎপৰতাত সোমবাৰে চুমী ষ্টেট ইউনিভাৰ্চিটিৰ হোষ্টেলত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী সকলক ৰোমনিয়া সীমান্তলৈ আনিবৰ বাবে সাজু হৈছিল যদিও সেয়া হৈ নুঠিল।

Advertisment

ছাত্ৰ-ছাত্ৰী সকলে বাছেৰে যাত্ৰা কৰাৰ পূৰ্বেই ভাৰত চৰকাৰে বাৰ্তা প্ৰেৰণ কৰে যে বাছেৰে যাত্ৰ কৰাটো নিৰাপদ নহ'ব। ইয়াৰ পাছতে পুনৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকল বাংকাৰৰ ভিতৰত সোমাই পৰে। প্ৰকৃততে ৰাছিয়াই ভাৰতৰ লগতে আন নাগৰিক সকলৰ সুৰক্ষাৰ ওপৰত লক্ষ্য ৰাখি যুদ্ধ বিৰতি ঘোষণা কৰিছিল আৰু মানৱীয় দণ্ডি (হিউমেনিটেৰিয়ান ক'ৰিডৰ)ৰ জৰিয়তে উদ্ধাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু তাৰ পাছতো যুদ্ধজৰ্জৰ ইউক্ৰেইৰ পৰা ওলাই অহাত ব্যৰ্থ হয় নাগৰিক সকল।

এই ক্ষেত্ৰত ৰাছিয়াই অভিযোগ কৰিছে যে ইউক্ৰেনীয় বাহিনীয়ে মানৱীয় ঢাল হিচাপে ব্যৱহাৰ কৰিছে বিদেশী নাগৰিকসকলক, যাৰ বাবে দেশ এৰি অহাত বিধি পথালিয়ে দেখা দিছে।

ukraine russia