অভিলেখৰ পিছত অভিলেখ ! নীৰজ চোপ্ৰাই পুনৰ লাভ কৰিলে স্বৰ্ণ পদক...

ডাইমণ্ড লীগত চেম্পিয়নৰ খিতাপ দখল নীৰজৰ...

author-image
Asomiya Pratidin
New Update
অভিলেখৰ পিছত অভিলেখ ! নীৰজ চোপ্ৰাই পুনৰ লাভ কৰিলে স্বৰ্ণ পদক...

neeraj chopra neeraj chopra

ডিজিটেল ডেস্কঃ অভিলেখৰ পিছত অভিলেখ। পুনৰ নতুন অভিলেখৰ গৰাকী হ'ল অলিম্পিক স্বৰ্ণজয়ী নীৰজ চোপ্ৰাই। চলিত ডাইমণ্ড লীগত চেম্পিয়নৰ খিতাপ দখল কৰি এই নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

Advertisment

জুৰিখত অনুষ্ঠিত হোৱা ডাইমণ্ড লীগত নীৰজে চেম্পিয়নৰ খিতাপ জয়লাভ কৰাৰ লগে লগে এই খিতাপ লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈ পৰিছে। নীৰজে প্ৰতিযোগিতাৰ চূড়ান্ত খেলত দ্বীতিয় প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ থ্ৰো কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে।

উল্লেখ্যে যে, টিকিঅ' অলিম্পিকত স্বৰ্ণজয় কৰি ইতিহাস সৃষ্টি কৰা নীৰজে বিশ্ব এথলেটিকছত ৰূপৰ পদকো জয় কৰিছিল। শেহতীয়াকৈ অনুষ্ঠিত হোৱা বাৰ্মিংহাম কমনৱেলথ গেমছত আঘাতৰ বাবে অংশগ্ৰহণ কৰিব পৰা নাছিল। প্ৰতিযোগিতাখনত নীৰজে চেক গণৰাজ্যৰ জাকুব ভাল্ডজ আৰু জাৰ্মানীৰ জুলিয়ান ৱেবাৰক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ জয় কৰে।

neeraj chopra javelin throw Diamond League sports