ৰাছিয়াক ‘সন্ত্ৰাসবাদী দেশ’ হিচাপে ঘোষণা কৰাৰ আহ্বান ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ…

ৰাছিয়াক ‘সন্ত্ৰাসবাদী দেশ’ হিচাপে ঘোষণা কৰাৰ আহ্বান ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ…

author-image
asomiyapratidin
New Update
পুটিনৰ সৈতে আলোচনা কৰিবলৈ সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি…

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ব'ল'ডিমিৰ জেলেস্কীয়ে ব্ৰিটেইনৰ হাউচ অফ কমনচত সম্বোধন কৰে। জেলেস্কীয়ে ব্ৰিটিছ সাংসদ সকলক আহ্বান জনাই যে ৰাছিয়াক সন্ত্ৰাসবাদী দেশ হিচাপে ঘোষণা কৰিব লাগে লগতে মস্কোৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিব লাগে যাতে এয়া সুনিশ্চিত হয় যে ইউক্ৰেইন সুৰক্ষিত।

Advertisment

 উল্লেখ্য যে, এয়া প্ৰথমবাৰৰ বাবে ব্ৰিটিছ সংসদৰ নিম্ন সদন হাউচ অৱ কমন্সত এজন বিদেশী নেতাই পোনপটীয়াকৈ সাংসদ সকলক পোনপটীয়াকৈ সম্বোধন কৰিছে।  মঙলবাৰে ভিডিঅ' ৰ জৰিয়তে হাউচ অৱ কমন্সত "ঐতিহাসিক" ভাষণ প্ৰদান কৰা ৪৪ বছৰীয়া জেলেনস্কিক থিয় হৈ সংসদৰ সদস্যসকলে সন্মানিত কৰে।

জেলেস্কীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বোৰিচ জনচক সম্বধন কৰি কয় যে "আমি আপোনালোকৰ পৰা, পশ্চিমীয়া দেশৰ পৰা বহু আশা কৰিছো। আমি আপোনালোকৰ সহায়ৰ বাবে কৃতজ্ঞ"।

লগতে কয় যে "অনুগ্ৰহ কৰি ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰক আৰু এই দেশখনক সন্ত্ৰাসবাদী দেশ হিচাপে ঘোষণা কৰিব লাগে। অনুগ্ৰহ কৰি এয়া সুনিশ্চিত কৰক যে আমি সুৰক্ষিত, আৰু এয়াও সুনিশ্চিত কৰক যে আপোনালোকে আমাক প্ৰয়োজনীয় সকলো সহায় কৰিব"।

valadimir putin Volodymyr Zelenskyy ukraine russia