ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ মজিয়াৰ পৰা অৰুণাচলৰ থলুৱাৰ সুৰক্ষা নিশ্চিতকৰণ দাবী...

আফ্ৰিকাৰ নাগৰিক সমাজৰ প্ৰতিনিধি দহোতিয়া পুনমে উত্থাপন কৰিলে অৰুণাচলৰ থলুৱাৰ সুৰক্ষাৰ দিশটোক

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ মজিয়াৰ পৰা অৰুণাচলৰ থলুৱাৰ সুৰক্ষা নিশ্চিতকৰণ দাবী...

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ মজিয়াৰ পৰা অৰুণাচলৰ থলুৱাৰ সুৰক্ষা নিশ্চিতকৰণ দাবী...

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ অধিবেশনত আফ্ৰিকাৰ এক নাগৰিক সমাজে উত্থাপন কৰিলে অৰুণাচল প্ৰদেশৰ থলুৱা লোকসকলৰ অধিকাৰৰ সুৰক্ষাৰ বিষয়ে। মানৱ অধিকাৰ আয়োগৰ মঞ্চৰ পৰা আফ্ৰিকাৰ এই নাগৰিক সমাজে ভাৰত চৰকাৰক অৰুণাচল প্ৰদেশৰ থলুৱা লোকসকলৰ অধিকাৰৰ দিশটোক সুৰক্ষিত কৰিবলৈ জনোৱা আহ্বানে বিশেষ তাৎপৰ্য বহন কৰিছে।  

Advertisment

ভাৰত চৰকাৰে একাধিক নদী বান্ধ নিৰ্মাণ কৰি পূৱ হিমালয়ৰ এই ৰাজ্যখনত বিশেষকৈ দিবাং আৰু চিয়াং উপত্যকাত থলুৱা লোকসকলৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ বিৰুদ্ধে থলুৱা লোকসকলে ব্যাপক প্ৰতিবাদো সাব্যস্ত কৰিছে।

ইণ্ডিজিনিয়াছ পিপল অফ আফ্ৰিকাৰ সমন্বয়ক দহোতিয়া পুনমে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ মঞ্চত কয়, বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ, খিলঞ্জীয়া লোকলসকলক অৱগত নকৰাকৈ বা তেওঁলোকৰ সন্মনতি নোলোৱাকৈ এই প্ৰকল্পবোৰ নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পবোৰে তেওঁলোকৰ জীৱন, জীৱিকা, সাংস্কৃতিক ঐতিহ্য আৰ অঞ্চলটোৰ ভঙ্গুৰ পাৰিপাৰ্শ্বিক ভাৰাসম্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

বুধবাৰে জেনেভাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৫৭ সংখ্যক অধিবেশনৰ ২৬ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে কয় দহোতিয়া পুনমে। ২০২৪ চনৰ কেইবাটাও ঘটনাৰ বিষয়ে তেওঁৰ ভাষণত স্থান দিয়ে।

২০২৪ ৰ জুলাই মাহত ইটানগৰত অৰুণাচলত ভাৰত চৰকাৰে স্থাপন কৰা এই প্ৰকল্পসমূহৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ সময়ত কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰাৰ বিষয়েও উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰে কিদৰে প্ৰতিবাদ কৰাৰ বাবেই চিয়াং পিপলছ ফ’ৰামৰ সদস্য তথা নেতৃত্ব ভয় ভীতিৰ সন্মুখীন হোৱাৰ কথা।

তেওঁ কয়, ইটালিন আৰু লৱাৰ চিয়াং বান্ধ নিৰ্মাণৰ বাবে হাজাৰ হাজাৰ স্থানীয় থলুৱা লোকক তেওঁলোকৰ পৈতৃক স্থানৰ পৰা অন্য স্থানলৈ স্থানচ্যুত কৰিবলৈ বিচৰা হৈছে। আফ্ৰিকাৰ এই নাগৰিক সমাজে ভাৰত চৰকাৰক খিলঞ্জীয়া লোকৰ অধিকাৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰৰ কথা উল্লেখ কৰি থলুৱা লোকৰ অধিকাৰক সন্মান জনাবলৈ দাবী কৰিছে।  

Also Read: হাবুঙৰ বাকৰিত শিক্ষিত নিবনুৱাক অসম আৰক্ষীত নিযুক্তিৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ দিছে নৃপেন বৰগোহাঁয়ে...

অৰুণাচল প্ৰদেশ ৰাষ্ট্ৰসংঘ