২ বছৰীয়া শিশুৰ বাবেও কোৰোনা ভেকচিন কিউবাৰ…

২ বছৰীয়া শিশুৰ বাবেও কোৰোনা ভেকচিন কিউবাৰ…

author-image
asomiyapratidin
New Update
২ বছৰীয়া শিশুৰ বাবেও কোৰোনা ভেকচিন কিউবাৰ…

ডিজিটেল ডেস্ক কিউবাই আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ৰাছিয়াৰ দৰে দেশক অতিক্ৰম কৰি কোৰোনা ভেকচিনৰ ক্ষেত্ৰত এক অনন্য কৃতিত্ব অৰ্জন কৰিছে। কিউবাই ২ বছৰীয়া শিশুৰ টিকাকৰণ আৰম্ভ কৰি এই কৃতিত্বৰ অধিকাৰী বিশ্বৰ প্ৰথম খন দেশ হিচাপে পৰিগণিত হৈছে।

Advertisment

কিউবাই প্ৰস্তুত কৰিছে আব্দলা আৰু চোব্ৰানা নামৰ ২ টা কৰোনা ভেকছিন। এই দুয়োবিধ ভেকচিন কিউবাই তেওঁলোকৰ সন্তানৰ ওপৰত নিদানিক পৰীক্ষণ সম্পন্ন কৰিছে। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই বৰ্তমানেও ইয়াক মান্যতা প্ৰদান কৰা নাই।তথাপিও কিউবাত ইতিমধ্যে ১২ বছৰ বয়সলৈকে শিশুৰ টিকাকৰণ আৰম্ভ কৰা হৈছে।