/asomiyapratidin/media/media_files/2025/06/17/pppsJLL7wiCd3LdMziRG.jpeg)
ডিজিটেল ডেস্কঃ পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ মাজতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হোৰাহোৰে বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য। মঙলবাৰে ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাতে পঞ্চম দিনত ভৰি দিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় সময় অনুসৰি মঙলবাৰে পুৱা সকলোকে তেহৰাণ খালী কৰিবলৈ সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে। ট্ৰাম্পৰ এই আহ্বানে কিবা এটা যে ডাঙৰ অঘটন হবলৈ আগবাঢ়িছে।
তাৰোপৰি তেওঁৰ এই আহ্বানৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে।উল্লেখ্য যে, যোৱা সপ্তাহত ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত ইজৰাইলৰ আক্ৰমণৰ পিছতে খাৰুৱা তেলৰ মূল্য ৭ শতাংশ বৃদ্ধি পাইছিল।
মঙলবাৰে পুৱা পুনৰ বৃদ্ধি হৈছে খাৰুৱা তেলৰ মূল্য। আমেৰিকাৰ বেঞ্চমাৰ্ক খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৭ চেণ্ট বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে, এক ডলাৰত থাকে ১০০ চেণ্ট।
এইদৰে বৃদ্ধি হৈ মঙলবাৰে প্ৰতি বেৰল খাৰুৱা তেলৰ মূল্য হৈছেগৈ ৭২.৬৪ ডলাৰ। ভাৰতীয় টকাৰ হিচাপত প্ৰতি বেৰলৰ মূল্য ৬,২৬৮ টকা। উল্লেখ্য যে, বেঞ্চমাৰ্ক হৈছে এটা নিৰ্দিষ্ট খাৰুৱা তেল, যি বিশ্ব বজাৰত তেলৰ মূল্য নিৰ্ণয়ৰ বাবে মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হয়।
একেদৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য নিৰ্ণয়ৰ আন এক মাপকাঠী ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্যও ৮৭ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি বেৰেলৰ মূল্য ৭৪.১০ ডলাৰ অৰ্থাত ভাৰতীয় টকাৰ হিচাপত প্ৰতি বেৰলত ৬৩৮৯ টকালৈ বৃদ্ধি পাইছে।
স্মৰ্তব্য যে, ইৰাণত বিশ্বৰ প্ৰায় ১০ শতাংশ খনিজ তেল মজুত আছে। বিশ্বৰ তেল ৰপ্তানিকাৰক দেশসমূহৰ ভিতৰত ইৰাণ প্ৰথম স্থানত আছে। পেট্ৰলিয়াম ৰপ্তানিকাৰক দেশ অৰ্গেনাইজেচন (অপেক)ৰ ভিতৰত ইৰাণ দ্বিতীয় বৃহত্তম তেল উৎপাদনকাৰী দেশ।
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল আৰু ইৰাণৰ সংঘাতৰ মাজতে আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ বজাৰতো উত্তেজনা বৃদ্ধি পাইছে।বৰ্তমান ভাৰতে প্ৰায় ৮৫ শতাংশ খাৰুৱা তেল আন দেশৰ পৰা আমদানি কৰে।
ইয়াৰে প্ৰায় ৩৮ শতাংশ আমদানি কৰা হয় ৰাছিয়াৰ পৰা। ইয়াৰ বাহিৰেও ভাৰতে অ’পেক দেশৰ পৰা প্ৰায় ২৩ শতাংশ খাৰুৱা তেল ক্ৰয় কৰে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছিল ভাৰতে। তেতিয়াৰে পৰা অ’পেক দেশসমূহৰ ওপৰত নতুন দিল্লীৰ নিৰ্ভৰশীলতা যথেষ্ট হ্ৰাস পাইছে।
যোৱা শুকুৰবাৰৰ পৰা ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ আৰম্ভ হৈছে। এখন দেশে আনখনক আক্ৰমণ কৰিছে।দুয়োখন দেশৰে অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি আক্ৰমণ কৰাৰ অভিযোগ-প্ৰতিঅভিযোগ উঠিছে।
এনে পৰিস্থিতিত পশ্চিম এছিয়াৰ পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছে। নতুন দিল্লীত থকা ইৰাণৰ দূতাবাসৰ এক বিবৃতিত কোৱা হৈছে যে এই পৰ্যন্ত ২২৪ জন ইৰাণী সাধাৰণ নাগৰিক নিহত হৈছে। আহত হৈছে ১২৫৭ জন। আনহাতে, ইজৰাইলত এতিয়ালৈকে ২৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।