ৰাছিয়া আখ্যান : কৰুণ মৃত্যুক সাৱটি ল'লে পুটিনৰ সমালোচকে...

ৰাছিয়া আখ্যান : কৰুণ মৃত্যুক সাৱটি ল'লে পুটিনৰ সমালোচকে...

ডিজিটেল ডেস্ক : বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ সমূহৰ অন্যতম ৰাছিয়াত যেন এতিয়া চলিছে কেৱল একনায়কত্ববাদী শাসন ব্যৱস্থা । পুটিনৰ বিৰুদ্ধে আঙুলি টোৱালেই যেন ৰক্ষা নাই । ইয়াৰেই সাক্ষী ওড়িশাৰ হোটেল 'মাই ইন্টাৰনেচনেল' ।

কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে কি সম্পৰ্ক ওড়িশাৰ স্বল্পখ্যাত এখন হোটেলৰ ?

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই অতিক্ৰম কৰিলে ১০ টা মাহ । এই ১০ টা মাহত সমগ্ৰ বিশ্বই বুজি উঠিল কোন আগ্ৰাসক, কোন ভুক্তভোগী । কিন্তু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়াৰ বিৰুদ্ধে মাত মাতিব কোনে ? ইয়াৰ পাছতো ৰাছিয়াৰ কিছু লোক আগুৱাই আহিছিল পুটিনৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ । কিন্তু তাৰেই কৰুণ পৰিণতি হ'ল ওড়িশাৰ এইখন হোটেলত ।

ৰাছিয়াৰ আটাইতকৈ ধনাঢ্য সাংসদ পাভেল এন্টভৰ মৃত্যু হয় হোটেল খনৰ তৃতীয় মহলাৰ পৰা পৰি । ৬৫ সংখ্যক জন্মদিন পালনৰ বাবে ওড়িশালৈ অহা এন্টভ আছিল এসময়ৰ ফৰ্বছ আলোচনীত স্থানপ্ৰাপ্ত । কিন্তু শেহতীয়াকৈ ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতি পুটিনৰ ৰোষত পৰিছিল এই এন্টভ । আনহাতে, বিগত ২৩ ডিছেম্বৰত একেই হোটেলতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল এন্টভৰ সহযাত্ৰী বিডেনভে । ওড়িশা আৰক্ষীয়ে বিডেনভৰ মৃত্যুৰ শোক সহ্য কৰিব নোৱাৰি এন্টভে আত্মহত্যাৰ পথ বাছি লোৱা বুলি মন্তব্য কৰিছে যদিও সেইয়া কিমান সত্য, তদন্তৰ পাছতহে পোহৰলৈ আহিব ।

এতিয়া প্ৰশ্ন হয় ৰাছিয়াৰ আটাইতকৈ ধনাঢ্য সাংসদ গৰাকীয়ে নক্সাল অধ্যুষিত এলেকাত জন্মদিন পালনৰ বাবে কিয় আহিছিল ? ভাৰতলৈ বিলাস ভ্ৰমণলৈ অহা ব্যক্তিৰ প্ৰথম পছন্দ কেৱল ২৫০০ টকীয়া এটা কোঠা হ'ব পাৰে জানো ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in