ঢকুৱাখনাত ৰেচম শিল্পক উজ্জীৱিতকৰণৰ লক্ষ্যৰে গ্ৰামীণ বিকাশ বেংকৰ গুৰুত্বপূৰ্ণ কৰ্মশালা...

ঢকুৱাখনাত ৰেচম শিল্পক উজ্জীৱিতকৰণৰ লক্ষ্যৰে গ্ৰামীণ বিকাশ বেংকৰ গুৰুত্বপূৰ্ণ কৰ্মশালা...

ডিজিটেল সংবাদ, ঢকুৱাখনা : সোণালী সূতাৰ আৰ্দ্ৰ ভূমি ঢকুৱাখনাৰ পৰম্পৰাগত ভাবে পালিত মুগা শিল্পক অধিক হাৰত উজ্জীৱিত কৰণৰ লক্ষ্যৰে মঙ্গলবাৰে এখন মনোজ্ঞ আৰু গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত কৰা হয়। অসম গ্ৰামীণ বিকাশ বেংকৰ ঢকুৱাখনা শাখাৰ উদ্যোগত ঢকুৱাখনা নগৰৰ মেগামিক্স প্ৰকৃতি সংঘ প্ৰাংগণত দুপৰীয়া  প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ঢকুৱাখনা ৰেচম শিল্প আৰু ৰেচম কৃষি ব্যৱস্থাক বেংক ব্যৱস্থাৰে অন্তৰ্ভুক্তকৰণৰ লক্ষ্য উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ সহযোগত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয় ।

ঢকুৱাখনাৰ শতাধিক পুৰুষ আৰু মহিলা পৰম্পৰাগত ৰেচম পালকৰ উপস্থিতিত অনুষ্ঠিত এই কৰ্মশালাৰ সঞ্চালনা কৰে বিশিষ্ট নাগৰিক ,অৱসৰ প্ৰাপ্ত শিক্ষাবিদ দিগেন্দ্ৰ নাথ হাজৰিকাই । অসম গ্ৰামীণ বিকাশ বেংকৰ মাণ্ডলিক প্ৰবন্ধক পংকজ কুমাৰ পালিত, জ্যেষ্ঠ বেংক বিষয়া উমা শইকীয়া, ঢকুৱাখনা ৰেচম বিভাগৰ অধীক্ষক অশ্বিনী কলিতা, বিশিষ্ট ৰেচম গৱেষক, উদ্ভাৱক জিতুল শইকীয়া, বেংক বিষয়া তথা প্ৰকৃতি সংৰক্ষক দেৱজিৎ ফুকন, গ্ৰামীণ বিকাশ বেংকৰ ঢকুৱাখনা শাখাৰ শাখা প্ৰবন্ধক ৰমেশ পাতৰি আদিয়ে অংশ গ্ৰহণ কৰি সমল ব্যক্তি হিচাবে বক্তব্য আগবঢ়াই পৰম্পৰাগত আৰু ব্যক্তিগত প্ৰয়াসেৰে পালিত হৈ অহা ৰেচম শিল্পক বিজ্ঞানমনস্ক পদ্ধতিৰে বেংক ব্যৱস্থাৰে সম্পৃক্ত কৰি ৰেচম পালনেৰে কিদৰে এই শিল্পক অধিক উজ্জীৱিত আৰু বিকশিত কৰিব পৰা যাব তাৰ ওপৰত মননশীল আৰু বস্তুনিষ্ঠ বক্তব্য আগবঢ়াই।

ৰাজ্যখনৰ ভিতৰত পোন প্ৰথম বাৰৰ বাবে থলুৱা ৰেচম শিল্পক অধিক উৎপাদনশীল আৰু লাভজনক শিল্পলৈ উত্তৰণ ঘটোৱাৰ লক্ষ্যৰে ৰেচম খেতিৰ প্ৰাচুৰ্য ক্ষেত্ৰ ঢকুৱাখনাত সৰ্বপ্ৰথম প্ৰয়াসৰ এই দ্বিতীয় লানি কৰ্মসূচী অনুষ্ঠিত এই কৰ্মশালাত কি দৰে সুনিৰ্দিষ্ট কৰ্ম আঁচনি গ্ৰহণ কৰি, বাস্তৱিকভাবে এনে আঁচনিৰ নিখুঁত ৰূপায়ন কৰি ৰেচম পালক সকল প্ৰচুৰ ভাবে লাভান্বিত হব পাৰে তাৰ বিশ্লেষণ দাঙি ধৰে কৰ্মশালাৰ সমল ব্যক্তি সকলে।

বিশিষ্ট ৰেচম পালক অমিয় কুমাৰ বৰুৱা আৰু হেম বৰুৱায়ো আৰ্জিত অভিজ্ঞতালব্ধ বক্তব্য আগবঢ়াই এই পৌৰাণিক আৰু ব্যক্তিগত পুঁজিৰে গ্ৰাম্য অৰ্থনীতি সৱলীকৰণ মুখী ৰেচম শিল্পৰ সাৰ্বজনীন কৰাত বেংক ব্যৱস্থাৰে অন্তৰ্ভুক্ত কৰণৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা দোহাৰে। কৰ্মশালাৰ উদ্যোক্তা অসম গ্ৰামীণ বিকাশ বেংকৰ অধ্যক্ষ দেৱশীষ গঙ্গোপাধ্যায়ৰ বিশেষ তৎপৰতাত গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি সুদৃঢ় কৰাৰ লগতে প্ৰদূষিত পৰিবেশ সন্তুলিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই সময়োপযোগী পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে কৰ্মশালাতে ৰেচম বিষয়া অশ্বিনী কলিতাক আহ্বায়ক আৰু ৰেচম গৱেষক জিতুল শইকীয়া, বেংক বিষয়া দেৱজিৎ ফুকনক সদস্য হিচাপে লৈ এখন ৰেচম আঁচনি প্ৰস্তুতি সমিতি গঠন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in