/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9216d62a-6ad5-4131-9057-42c147f28480/liz.jpg)
ডিজিটেল ডেস্ক : সংকটে দেখা দিছে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰীৰ আসনত, আস্থাহীনতাৰ বাবে পদ হেৰুৱাব পাৰে নৱ নিযুক্ত লিজ ট্ৰাছে । ব্ৰিটেইনৰ ডেইলী ৰিপোৰ্ট শীৰ্ষক কাকত খনে দিয়া তথ্য অনুসৰি, শতাধিক সাংসদে অতি শীঘ্ৰেই শাসনাধিষ্ঠ দলৰ মুৰব্বীক দাখিল কৰিব আস্থাহীনতাৰ পত্ৰ । তেনেস্থলত, চৰকাৰ ভংগ ন'হবলৈ লিজ ট্ৰাছক অপসাৰণ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকিব দলটোৰ হাতত । ২০১৬ চনত ইউৰোপিয়ান ইউনিয়ন ত্যাগ কৰাৰ পাছৰে পৰাই সঘনাই প্ৰধান মন্ত্ৰী সলনি হৈ আহিছিল ব্ৰিটেইনৰ ।
লিজ ট্ৰাছৰ বিৰুদ্ধে আস্থাহীনতাৰ পত্ৰ দাখিল কৰাৰ ওপৰিও কোনো নতুন নেতাক প্ৰধান মন্ত্ৰী ৰূপে নিৰ্বাচন কৰিবলৈও তৎকালীন ভাৱে আস্থা ভোটৰ আয়োজন কৰাবলৈও অনুৰোধ কৰিব দলীয় শীৰ্ষ নেতাক ।
স্মৰ্তব্য যে, লিজ ট্ৰাছে কিছু সপ্তাহ পূৰ্বে হে প্ৰধান মন্ত্ৰীৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰিছিল । আৰু ইয়াৰ বাবে পৰাস্ত কৰিছিল ভাৰতীয় মূলৰ ঋষি চোনাকক । প্ৰতিদ্বন্দিতাৰ শেষলৈ প্ৰধান মন্ত্ৰী পদৰ দৌৰত অগ্ৰগতি লাভ কৰি থকা ঋষি চোনাক পৰাস্ত হোৱাৰ পাছত এতিয়া নেতা গৰাকীৰ সমৰ্থক সকলে এই আভ্যন্তৰীণ কণ্ডলৰ সুযোগ গ্ৰহণ কৰিবলৈ তৎপৰ হৈ থকা পৰিলক্ষিত হৈছে ।