Advertisment

''ভাৰত আৰু কেৰিবিয়ানৰ মাজৰ সম্পৰ্কৰ এক সাকো ক্ৰিকেট'''- নৰেন্দ্ৰ মোডী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তিনিখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত গোৱেনাত ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট ব্যক্তিত্বসকলক সাক্ষাৎ কৰে। এই সময়ত তেওঁ ক্ৰিকেটক ভাৰত আৰু কেৰিবিয়ানৰ মাজৰ সম্পৰ্কৰ এক সাকো হিচাপে আলোকপাত কৰে।

author-image
Asomiya Pratidin
New Update
ক্ৰিকেট

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তিনিখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত গোৱেনাত ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট ব্যক্তিত্বসকলক সাক্ষাৎ কৰে। এই সময়ত তেওঁ ক্ৰিকেটক ভাৰত আৰু কেৰিবিয়ানৰ মাজৰ সম্পৰ্কৰ এক সাকো হিচাপে আলোকপাত কৰে।

Advertisment

ক্ৰিকেট কিংবদন্তী আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ক্লাইভ লইডে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি কয় যে, প্ৰধানমন্ত্ৰী মোডী ক্ৰিকেটৰ প্ৰতি আগ্ৰহী আৰু ক্ৰিকেটক সম্প্ৰসাৰিত কৰাত সহায় কৰিছে। তেওঁ কয়, "মই বিচাৰো যে অধিক লোক প্ৰধানমন্ত্ৰী মোডীৰ দৰে হওক।"

গোৱেনাৰ ক্ৰিকেটাৰ দেৱেন্দ্ৰ বিশুৱে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডীক শ্ৰদ্ধা জনাই কয়, "তেওঁক প্ৰথমবাৰৰ বাবে কাষৰ পৰা দেখা পোৱাটো এক সুন্দৰ অভিজ্ঞতা। মোডী এজন ভাল মানুহ। গোৱেনাৰ মানুহে তেওঁক বহু বেছি ভাল পায় আৰু আমি তেওঁৰ সৈতে সময় কটাবলৈ পাই গৌৰৱান্বিত।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ক্ৰিকেট সম্পৰ্কে থকা গভীৰ জ্ঞানৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন ক্ৰিকেটাৰ এলভিন কালিচাৰণে কয়, "ভাৰতত সকলোৱে ক্ৰিকেট জানে, কিন্তু নৰেন্দ্ৰ মোডীৰ ক্ৰিকেটৰ প্ৰতি থকা জ্ঞান বিশেষ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ ভ্ৰমণৰ অন্তিম দিনটোক গুৰুত্বপূৰ্ণ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ গোৱেনাৰ জাতীয় সংসদৰ বিশেষ অধিবেশনত ভাষণ দিয়ে।

সংসদত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ প্ৰতিমূৰ্তিত  মালা অৰ্পণ কৰে। তাৰোপৰি তেওঁ কিছু সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোডীৰ এই গোৱেনা ভ্ৰমণ আছিল ৫০ বছৰৰ পাছত কোনো প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক ভ্ৰমণ। 

 

ক্ৰিকেট নৰেন্দ্ৰ মোডী