/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/2-17.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে কোৰোনাই কাল ৰূপ ধাৰণ কৰাত বৈজ্ঞানিক মহল তৎপৰ হৈ আছে ভেকচিন উৎপাদন আৰু গৱেষনাৰ কামত। ব্ৰিটেইনৰ বৈজ্ঞানিক মহলে প্ৰস্তুত কৰি উলিওৱা অক্সফ'ৰ্ড এষ্ট্ৰাজেনেকা বা ফাইজাৰ বায়'এনটেকৰ ভেকচিনৰ এটা ডোজ ল'লেই কোৰোনা ভাইৰাছ সংক্ৰমণৰ হাৰ ৬৫ শতাংশ কমে বুলি এক সমীক্ষাত প্ৰকাশ পায়।
ইউনিভাৰ্ছিটি অব্ অক্সফ'ৰ্ড আৰু অফিচ অব্ নেচনেল ষ্টেটিষ্টিকছে(অ' এন এছ) ৰ এক সমীক্ষাৰ মতে, দুয়োটা ভেকচিনৰ প্ৰথম ডোজ লোৱাৰ পাছতে বৃদ্ধ আৰু বেছি স্পৰ্শকাতৰ ব্যক্তিসকলৰ লগতে কম বয়সীয়া আৰু স্বাস্থ্যৱান ব্যক্তিসকলৰ স্বাস্থ্যকো সুৰক্ষা প্ৰদান কৰে। সংকটজনত ৰোগীয়ো টিকাকৰণ পিছত মৃত্যু হোৱাৰ আশংকা কমি আহিছে।
আনহাতে গৱেষক সকলে ভেকচিন লোৱাৰ পাছতো ভাইৰাছ সংক্ৰমণ হ'ব পাৰে বুলি এক বিবৃতিৰ জৰিয়তে সতৰ্ক কৰি সামজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। প্ৰাপ্ত তথ্য অনুসৰি ভেকচিন দুটা লোৱাৰ ২১ দিন পাছত কোৰোনা ভাইছাৰ নতুন সংক্ৰমণ হ্ৰাস পোৱাৰ কথা পোহৰলৈ আহে। প্ৰথমটো ডোজ লোৱাৰ ফলত মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা তীব্ৰ হৈ উঠাৰ সংকেত দিয়ে। যাৰফলত নতুন সংক্ৰমণৰ হাৰ ৬৫ শতাংশলৈ হ্ৰাস পোৱাৰ কথা জানিব পৰা যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us