/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/COVID-VACCINE-FOR-CHILD.jpg)
ডিজিটেল ডেস্কঃ দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ'ব কোৰোনাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা কোৰোনাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়য়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকছিনৰ অনুমোদন প্ৰদান কৰিছে।
সূত্ৰ অনুসৰি, ভাৰত বায়োটেক ভেকছিন এতিয়া দেশত ২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুক দিয়া হ'ব। এই সন্দৰ্ভত নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই জাৰী কৰিব।উল্লেখ্য যে বাৰত বায়টেক আৰু আই চি এম আৰে শিশুৰ বাবে একেলগে ভেকছিন তৈয়াৰ কৰিছে।
ভাৰত বায়োটেক হৈছে দেশৰ প্ৰথম কোম্পানী যিয়ে শিশুসকলৰ বাবে ভেকছিনৰ ওপৰত পৰীক্ষণ চলাইছে। দ্বিতীয় পৰ্যায়ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ পিছত, কোম্পানীটোৱে মন্ত্ৰালয়ৰ সমিতিৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে।
স্বাস্থ্য মন্ত্ৰালয়ে কোম্পানীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই ভেকছিনত অনুমোদন জনাইছে। এতিয়া, প্ৰাপ্ত বয়স্কসকলৰ লগতে একে সময়তে শিশুসকলকো কোৰোনাৰ ভেকছিনৰ এটা পালি দিয়া হ'ব।
Subject Expert Committee (SEC) has given a recommendation to DCGI (Drugs Controller General of India) for the use of BharatBiotech's Covaxin for 2-18 year olds: Official sources
— ANI (@ANI) October 12, 2021