বিপৰ্যয়ত ভাৰতীয় ক্ৰিকেট দল…

বিপৰ্যয়ত ভাৰতীয় ক্ৰিকেট দল…

author-image
asomiyapratidin
New Update
বিপৰ্যয়ত ভাৰতীয় ক্ৰিকেট দল…

ডিজিটেল ডেস্কঃ সন্মুখত এছিয়া কাপ।বিপৰ্যয়ত পৰিছে টীম ইণ্ডিয়া। এইবাৰ ক্ৰিকেটাৰ নহয়, স্বয়ং প্ৰশিক্ষক আক্ৰান্ত ক'ভিডত। কে এল ৰাহুলৰ পাছতে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি। অৱশ্যে কে এল ৰাহুল বৰ্তমান সুস্থ। এছিয়া কাপ খেলিব কাৰণ তেওঁ সদ্যসমাপ্ত জিম্বাবৱে' ভ্ৰমণত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব পালন কৰি শৃংখলা দখল কৰিছে।

সমাগত এছিয়া কাপৰ বাবে দ্ৰাবিড় ডুবাইলৈ দলৰ সৈতে যাব পাৰিবনে নোৱাৰে তাক লৈ চৰ্চা চলিছে। আন এক সূত্ৰৰ মতে যদিহে সময়ত দ্ৰাবিড় সুস্থ হৈ নুঠে তেন্তে প্ৰশিক্ষকৰ দায়িত্ব কিংবদন্তি ক্ৰিকেটাৰ ভি ভি এচ লক্ষ্মণে পালন কৰিব পাৰে।

আৰু পঢ়কঃ মাত্ৰ ৪২ বছৰ বয়সতে বিদায় মাগিলে বিজেপিৰ সোণালী ফোগটে…

bcci india cricket rahul dravid