/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/covid-india-19.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ পৰা শেষ নহয় কোভিড। সৰ্বসাধাৰণে কোভিডৰ লগত কৰিব লাগিব সহৱস্থান। এই কথা আমি কোৱা নাই। এই কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী শীৰ্ষ বিষয়াই। বিষয়াগৰাকীৰ স্পষ্ট মত, কোভিড কেতিয়াও শেষ নহয়। সময়ৰ লগে লগে এই ভাইৰাছ পৰিৱেশ তন্ত্ৰৰ অংশ হৈ পৰিব।
বিশ্ব অৰ্থনৈতিক মঞ্চৰ অনলাইন দাভোছ এজেণ্ডা-২০২২ ৰ সন্মিলনত বিশ্ব স্বাস্থ্য সংস্থাৰ শীৰ্ষ বিষয়া মাইকেল ৰিয়ানে কয় যে , কোভিড ভেকচিনে কোভিডক কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰিব যদিও ইয়াক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাটো সম্ভৱ নহয়। উল্লেখ্য যে কোভিড-১৯ সম্পৰ্কে বিশ্ব স্বাস্থ্য সংস্থাই সময়ে সময়ে নিজা বক্তব্য ৰাখি আহিছে যদিও এক সুস্থিৰ বাৰ্তা আজিও প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা নাই।
বিশ্ব স্বাস্থ্য সংস্থাৰ একাংশ শীৰ্ষ বিষয়াও পূৰ্বে ২০২২ চনতেই কোভিড বিশ্বৰ পৰা দূৰ হ'ব বুলিও মন্তব্য কৰিছিল। আন একাংশ বিষয়াই আকৌ কোভিড ভেকচিন প্ৰদানত অধিক গুৰুত্ব দিবলৈ দাবী উত্থাপন কৰি আহিছে যদিও আন একাংশ শীৰ্ষ বিষয়াৰ মতে কোভিড ভেকচিনে কোভিডক প্ৰতিৰোধ কৰিব নোৱাৰে। শেহতীয়াকৈ কোভিডত আক্ৰান্ত লোকৰ মাজত কোভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰা লোকো থকাৰ বাবে ভেকচিনে কোভিড প্ৰতিৰোধ কৰিব পাৰেনে নাই সেই বিষয়টোও বিতৰ্কৰ মাজত সোমাই পৰিছে।
এনে এক পৰিস্থিতিৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য জৰুৰীকালীন কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক মাইকেল ৰিয়ানে বিশ্বৰে এক শীৰ্ষ সন্মিলনত যি মন্তব্য কৰিলে সেই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। অৱশ্যে বহু ব্যক্তি তথা স্বাস্থ্য বিশেষজ্ঞই পূৰ্বৰে পৰা এই বিষয়ত চৰ্চা কৰি আহিছিল যদিও এই বিষয়ে ব্যাপক হাৰত আলোচনা হোৱা নাই।