/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/omicron-16.jpg)
ডিজিটেল ডেস্কঃ বৃটেইনত পুনৰ কোৰোনাৰ পুনৰ বিস্ফোৰণ। মাত্ৰ এটা নিশাতেই দেশখনৰ ৭০ হাজাৰৰো অধিন লোক আক্ৰান্ত হৈছে কোৰোনাত। বিশ্বজুৰি কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰমণক কেন্দ্ৰ কৰি এক জটিল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ মাজতে এইদৰে এটা নিশাতেই ইমান বৃহৎ সংখ্যক লোক কোৰোনাত আৰক্ৰান্ত হোৱাৰ খবৰে উদ্বেগৰ সৃষ্টি কৰিছে।
বুধবাৰে দিনটোত বৃটেইনত মুঠ ৭৮,৬১০ গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে কোৰোনাৰ দ্বিতীয় ঢৌৰ মাজতেই বৃটেইনত এটা নিশাত সৰ্বাধিক ৬৮ হাজাৰ লোক আক্ৰান্ত হৈছিল কোৰোনাত। দেশখনত বৰ্তমানলৈকে মুঠ ৬.৭০ কোটি জনতাৰ ভিতৰত ১.১০ কোটিৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে অমিক্ৰন প্ৰকাৰৰ মাজতেই সৃষ্টি হোৱা এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীক অতি বিপদজনক পৰিস্থিতিৰ সতৰ্কবাণী জাৰি কৰিছে। উল্লেখযোগ্য যে বিশ্বত অমিক্ৰণৰ দ্বাৰা আক্ৰন্ত ব্যক্তিৰ মৃত্যুৰ ঘটনা বৃটেইনতে প্ৰথমটো সংঘটিত হৈছে।
ইফালে কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰন এইবাৰ আহি উপস্থিত হৈছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত। বুধবাৰে দিনটোত পশ্চিমবংগ আৰু তামিলনাডুত নতুনকৈ অমিক্ৰন প্ৰকাৰত আক্ৰান্ত চিনাক্ত হৈছে। তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী এ সুব্ৰমনিয়ামে কৈছে যে ৪৭ বছাৰীয়া এগৰাকী ব্যক্তি অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হৈছে। আক্ৰান্ত ব্যক্তিজন নাইজেৰিয়াৰ পৰা উভতি আহিছিল।
পশ্চিমবংগত এটি ৭ বছাৰীয়া শিশু আক্ৰান্ত হৈছে অমিক্ৰনত। আক্ৰান্ত শিশুটি নিজ পৰিয়ালৰ সৈতে আবু ধাবিৰ পৰা হায়দৰাবাদ হৈ কলকাতালৈ আহিছিল। আনহাতে মহাৰাষ্ট্ৰ আৰু কেৰালাত ৪ জনকৈ লোক নতুনকৈ অমিক্ৰনত সংক্ৰমিত হৈছে। মহাৰাষ্ট্ৰৰ ওচমানাবাদত নতুনকৈ ২ জন ব্যক্তি, মুম্বাই আৰু বুলধানাত ১জনৈক লোক অমিক্ৰনত আক্ৰান্ত হৈছে। ৰাজ্যখনত বৰ্তমান অমিক্ৰন ৰোগীৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি হৈছে। কেৰালাত বৰ্তমানলৈকে মুঠ ৫ জন ব্যক্তি অমিক্ৰনত আক্ৰান্ত হৈছে। ইয়াৰ ফলত দেশত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৭৩ গৰাকীলৈ বৃদ্ধি পাইছে।