বাংলাদেশৰ ঐতিহাসিক কান্তজিউ মন্দিৰৰ ভূমিত অবৈধ মছজিদ নিৰ্মাণত বিতৰ্ক...

প্ৰধানমন্ত্ৰী শ্বেস হাছিনাৰ হস্তক্ষেপ বিচাৰিছে হিন্দু নেতাসকলে
বাংলাদেশৰ ঐতিহাসিক কান্তজিউ মন্দিৰৰ ভূমিত অবৈধ মছজিদ নিৰ্মাণত বিতৰ্ক...
বাংলাদেশৰ ঐতিহাসিক কান্তজিউ মন্দিৰৰ ভূমিত অবৈধ মছজিদ নিৰ্মাণত বিতৰ্ক...

মাছুম বিল্লাহ ঢাকাঃ প্ৰাচীন কালৰ সমৃদ্ধ হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান দিনাজপুৰৰ ঐতিহাসিক কান্তজিউ মন্দিৰ অঞ্চলৰ দেবোত্তাৰ ভূমিত অবৈধ মছজিদ নিৰ্মাণৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে। তদুপৰি সেই মন্দিৰৰ অস্তিত্ব ৰক্ষাৰ বাবে তেওঁলোকে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ হস্তক্ষেপ বিচাৰিছিল।

ইফালে বাংলাদেশৰ ১৭ জন বিশিষ্ট নাগৰিকে কান্তজিউ মন্দিৰ এলেকাত মছজিদ নিৰ্মাণৰ পদক্ষেপক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে, কান্তজিউ মন্দিৰ সনাতন ধৰ্মীয় লোকসকলৰ বাবে পবিত্ৰ তীৰ্থস্থান। এই প্ৰাচীন মন্দিৰটো বংগৰ পৰম্পৰাগত টেৰাকোটা শিল্পৰ এক অনন্য নিদৰ্শন। এই গৌৰৱৰ স্মৃতিসৌধক কোনো কাৰণতে ভাবুকি কঢ়িয়াই আনিব নোৱাৰি।

মন্দিৰৰ ঠাইত মছজিদ নিৰ্মাণৰ পদক্ষেপৰ প্ৰতিবাদ কৰি বাংলাদেশৰ হিন্দু ঐক্য পৰিষদৰ সাধাৰণ সম্পাদক অধিবক্তা ৰাণা দাসগুপ্তাই এক বিবৃতিত মন্দিৰৰ ভূমিত মছজিদ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ ওপৰত তীব্ৰ গৰিহণা আৰু ক্ষোভ প্ৰকাশ কৰে শাসকীয় দল আৱামি লীগৰ সাংসদ আলহাজ জাকাৰিয়া জাকা আৰু এই অবৈধ কামৰ মূল প্ৰৱৰ্তক হিচাপে। বিবৃতিটোত তেওঁলোকে আৰু কয় যে, নিঃসন্দেহে শান্তি-শৃংখলাৰ বিৰোধী এই সাম্প্ৰদায়িক সম্প্ৰীতি বিৰোধী প্ৰচেষ্টাৰ সৈতে নিজকে জড়িত কৰি জাতি আৰু দেশৰ ভাবমূৰ্তি ধ্বংস কৰাৰ এক ঘৃণনীয় প্ৰয়াসত লিপ্ত হৈছে সংসদৰ সদস্য আৰু উপ-আয়ুক্তই।

মন্দিৰৰ পবিত্ৰতা ৰক্ষাৰ বাবে হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় স্বাধীনতা সুনিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে পৰিষদে। ইফালে বাংলাদেশ হিন্দু পৰিষদে এক বিবৃতিত কয় যে, দিনাজপুৰ জিলাৰ কান্তজিউ মন্দিৰটো পৰম্পৰাগত ধৰ্মৰ অন্যতম ঐতিহাসিক কীৰ্তিচিহ্ন আৰু ধৰ্মীয় গঠন।

দীৰ্ঘদিন ধৰি এই ঐতিহাসিক মন্দিৰৰ সম্পত্তি বেদখল কৰাৰ বিষয়টো বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈ আহিছে, যাৰ ফলস্বৰূপে ২০২৩ চনৰ ১ মাৰ্চত দিনাজপুৰ-১ সমষ্টিৰ পৰা শাসকীয় দল আৱামি লীগৰ সাংসদ জাকাৰিয়া জাকা, ঐতিহাসিক কান্তজিউ মন্দিৰৰ পিছফালে থকা মাটিত মছজিদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰ উপৰিও উপাযুক্তৰ কাৰ্যালয়ে ভুৱা নথি-পত্ৰ সৃষ্টি কৰি এই নিৰ্মাণৰ ক্ষেত্ৰত সৰ্বাত্মক সহযোগিতা আগবঢ়াইছে। ৰাজপৰিয়ালৰ হৈ জিলা প্ৰশাসনৰ ওচৰত লিখিত অভিযোগ আৰু আপত্তি থকাৰ পিছতো স্থানীয় দখলদাৰৰ প্ৰভাৱত নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ ফলত স্থানীয় লোকসকলৰ মাজত লুকাই থকা ক্ষোভৰ বৰ্হিপ্ৰকাশ হৈছে।

বাংলাদেশৰ ঐতিহাসিক কান্তজিউ মন্দিৰৰ ভূমিত অবৈধ মছজিদ নিৰ্মাণত বিতৰ্ক...
২৭ ব'হাগৰ পৰা ফাটবিহুঃ ঢকুৱাখনাত কাৰ্য্যালয় উদ্বোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in